৯ অক্টোবৰৰ পৰা ৰাজ্যত ৩০ শতাংশ ভাড়া বৃদ্ধি হ'ব যাত্ৰীবাহী বাছৰ

৯ অক্টোবৰৰ পৰা ৰাজ্যত ৩০ শতাংশ ভাড়া বৃদ্ধি হ'ব যাত্ৰীবাহী বাছৰ

যাত্ৰীবাহী বাছৰ ভাড়া বৃদ্ধিৰ দাবীত অনুমোদন জনালে ৰাজ্যৰ পৰিবহণ বিভাগে ৷ উল্লেখ্য যে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে সদৌ অসম মটৰ পৰিবহণ সন্থাই যাত্ৰীবাহী বাছৰ ভাড়া বৃদ্ধিৰ বাবে চৰকাৰৰ ওচৰত জনাই আহিছিল ৷

এই দাবীৰ প্ৰতি সমৰ্থন জনাই আজি অসম চৰকাৰৰ পৰিবহণ বিভাগে ৩০ শতাংশ ভাড়া বৃদ্ধিৰ অনুমোদন জনায় ৷ অহা ৯ অক্টোবৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰিখ । সেই হিচাপত এতিয়া গুৱাহাটী মহানগৰীত চিটী বাছত উঠিলেই আপুনি দিব লাগিব ৭ টকা, যি নেকি পূৰ্বতে আছিল ৫ টকা ।

একেদৰে মহানগৰীত চিটী বাছৰ সৰ্বোচ্চ ভাড়া পূৰ্বৰ ২০ টকাৰ ঠাইত এতিয়া হ'ব ২৩ টকা । উল্লেখ্য যে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ৫ টকাকৈ হ্ৰাস কৰাৰ পাছতো যাত্ৰীবাহী বাছৰ ভাড়া কিন্তু পূৰ্বতে উল্লেখ কৰা অনুসৰিয়েই বৃদ্ধিত অনুমোদন জনালে ৰাজ্যৰ পৰিবহণ বিভাগে ।

Your Comments