আজি ৪৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়ৰ বাবে কটন বিশ্ব্যবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনী যুঁজ

আজি ৪৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়ৰ বাবে কটন বিশ্ব্যবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনী যুঁজ

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই আৰম্ভ হৈছে দেৱদাৰু নগৰীৰ খ্যাত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া । পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্রিয়া আবেলি ২ বজাত অন্ত পৰিব বুলি জানিবলৈ দিছে বিশ্ববিদ্যালয়খনৰ নিৰ্বাচনী কৰ্তৃপক্ষই ।

আজি ৪৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়ৰ বাবে কটন বিশ্ব্যবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনী যুঁজ

এইবাৰ সাধাৰণ নিৰ্বাচনত বিশ্ববিদ্যালয়খনৰ মুঠ ৪৮গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ১৬টা বিভাগৰ বাবে বেলত যুদ্ধত অৱতীৰ্ণ হৈছে । উল্লেখ্য যে ইয়াৰ উপৰি টেনিছ বিভাগত হাবিবুল ইছলাম আৰু হকী বিভাগত দিব্যজ্যোতি সন্দিকৈয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ।

আজি ৪৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়ৰ বাবে কটন বিশ্ব্যবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনী যুঁজ

এইবাৰ বিশ্ববিদ্যালয়খনত ৪৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৫,৭৮৩গৰাকী ভোটাৰে । ইয়াৰে অধিকসংখ্যক ভোটাৰ ছাত্ৰী । সেই হিচাপত অনুমান কৰিব পাৰি ভাগ্য নিৰ্ণয় কৰাত এইবাৰ বিশ্ববিদ্যালয়খনত ছাত্ৰীসকলে প্ৰধান ভূমিকা পালন কৰিব ।

আজি ৪৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়ৰ বাবে কটন বিশ্ব্যবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনী যুঁজ

ইফালে উল্লেখযোগ্য কথাটো হ'ল যে বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰাৰ পাছত এয়া বিশ্ববিদ্যালয় হিচাপে কটনৰ দ্বিতীয় সাধাৰণ নিৰ্বাচন । বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আমাক জানিবলৈ দিয়া মতে, আজিয়েই নিৰ্বাচনৰ ফলাফলো ঘোষিত হ'ব ।

আজি ৪৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়ৰ বাবে কটন বিশ্ব্যবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনী যুঁজ

আনহাতে, প্ৰতি বছৰে নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ সময়ত বিশ্ববিদ্যালয়খনত কিছুমান হিংসাত্মক কাৰ্য সংঘটিত হয় ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যাতে কোনো অপ্ৰীতিকৰ পৰিবেশ সৃষ্টি নহয় তাৰবাবে সন্ধিয়াভাগলৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হ'ব বুলিও জানিবলৈ দিয়ে । 

Your Comments