প্ৰাক্‌-নিৰ্বাচনী হিংসাত কটন বিশ্ববিদ্যালয়ৰ ২ ছাত্ৰ আহত

প্ৰাক্‌-নিৰ্বাচনী হিংসাত কটন বিশ্ববিদ্যালয়ৰ ২ ছাত্ৰ আহত

কটন বিশ্ববিদ্যালয়ত প্ৰাক্‌-নিৰ্বাচনী হিংসা । দুই ছাত্ৰক আক্ৰমণ দুষ্কৃতিকাৰীৰ । ঘটনাৰ বিৱৰণী অনুসৰি কালি সন্ধিয়া বিশ্ববিদ্যালয়খনৰ সীতানাথ ব্ৰহ্মচৌধুৰী ছাত্ৰাৱাসৰ দুই ছাত্ৰ ত্ৰিনয়ন দত্ত আৰু নৱজিৎ দত্তক কোনো দুৰ্বৃত্তই আক্ৰমণ কৰে ।

উল্লেখ্য যে ইয়াৰ নৱজিৎ দত্ত নামৰ ছাত্ৰজনে বিশ্ববিদ্যালয়খনত আজি অনুষ্ঠিত ছাত্ৰ একতা সভা সাধাৰণ নিৰ্বাচনত সাধাৰণ সম্পাদক পদত প্ৰাৰ্থিত্ব আগবঢ়াইছে । তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰাৱাসৰ ছাত্ৰসকলে এয়া নিৰ্বাচনী হিংসা বুলি উল্লেখ কৰিছে ।

প্ৰাক্‌-নিৰ্বাচনী হিংসাত কটন বিশ্ববিদ্যালয়ৰ ২ ছাত্ৰ আহত

দুয়োজন ছাত্ৰকে ইমান বেয়াকৈ মাৰ-ধৰ কৰা হয় যে দুয়োকে কালি ৰাতি গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰিবলগা হয় । বিশ্ববিদ্যালয়খনত শুকুৰবাৰে সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাই বিশ্ববিদ্যালয়খনৰ ঐতিহ্যক বহু পৰিমাণে ম্লান কৰিলে বুলি উল্লেখ কৰে বিশ্ববিদ্যালয়ৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ।

একেদৰে বহু ছাত্ৰ-ছাত্ৰীৰ মতে এনে ঘটনা বিশ্ববিদ্যালয়খনত এইবাৰেই প্ৰথম নহয় ৷ প্ৰতিতো ছাত্ৰ একতা সভা নিৰ্বাচনৰ সময়ত এনে ঘটনা সংঘটিত হৈ আহিছে বুলিও তেওঁলোকে জানিবলৈ দিয়ে ।

প্ৰাক্‌-নিৰ্বাচনী হিংসাত কটন বিশ্ববিদ্যালয়ৰ ২ ছাত্ৰ আহত

তেওঁলোকৰ অভিযোগ, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰতি বছৰে এনে ঘটনা সংঘটিত হয় বুলি জানিও নিৰাপত্তা ব্যৱস্থা শক্তিশালী নকৰে ৷ ইফালে বিশ্ববিদ্যালয়খনৰ সাধাৰণ সম্পাদক মনোমোহন চুতীয়াই জানিবলৈ দিয়া মতে, এই ঘটনাৰ দোষীক বিচাৰি উলিয়াই উচিত শাস্তি প্ৰদান কৰাৰ বাবে আৰক্ষীৰ সৈতে যোগাযোগ কৰা হৈছে ৷

Your Comments