এপিএছচি কেলেংকাৰীত সাঙোৰ খোৱা আৰু তিনিজনক জামিন মঞ্জুৰ  

aa

এ পি এছ চিত ধন দি ৰাজপত্ৰিত বিষয়া চাকৰি ক্ৰয় কৰা অপৰাধত গ্ৰেপ্তাৰ হোৱা আৰু তিনিজন ৰাজপত্ৰিত বিষয়া জামিন মঞ্জুৰ । আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰা ৰাজপত্ৰিত বিষয়া তিনিজন হৈছে প্ৰাক্তন আঢ়ৈ টকীয়া মন্ত্ৰী পুত্ৰ নীলমণি সেন ডেকা পুত্ৰ ৰাজষিসেন ডেকা, হৰ্ষজ্যোতি বৰা আৰু অমৰজিৎ দাস । উল্লেখ যোগ্য যে ৰাজৰ্ষি সেন ডেকাৰ জামিন মঞ্জুৰ কৰে মানস ৰঞ্জন পাঠকৰ আদালতে তাৰ বিপৰীতে অমৰজিৎ দাস আৰু হৰ্ষজ্যোতি বৰা জামিন মঞ্জুৰ কৰে ৰুমী কুমাৰী ফুকনৰ আদালতে ।

ইফালে বৃহস্পতিবাৰেও ৰুমী কুমাৰী ফুকনৰ আদালতে জামিন মঞ্জুৰ কৰিছিল ৯জন ৰাজপত্ৰিত বিষয়া । এতিয়া কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অহা মুঠ ৰাজপত্ৰিত বিষয়া সংখ্যা হৈছে গৈ ১২ জন । ইফালে গুৰুত্বপূৰ্ণ কথা এই যে এই সকলৰ জামিন মঞ্জুৰ হ'লেও তেওঁলোকৰ ওপৰত জাপি দিয়া হৈছে কিছু সংখ্যক চৰ্ত । সেইচৰ্ত অনুসৰি ৰাজপত্ৰিত বিষয়াসকলে তদন্তৰ বিষয়ত হেঙাৰ হ'ব নোৱাৰিব ।

তদন্ত সম্পূৰ্ণ নোহোৱালৈকে তেওঁলোকে ন্যায়ালয়ৰ অনুমতি অবিহনে গুৱাহাটী এৰিব নোৱাৰিব । তেওঁলোকৰ পাছপোৰ্টসমূহ ন্যায়ালয়ৰ ওচৰত জমা দিব লাগিব ৷ ইয়াৰ উপৰিও তদন্তকাৰী অফিছাৰ নাইবা আদালতৰ ওচৰত মাহত এবাৰ হ'লেও সাজি হ'ব লাগিব । যদি এই চৰ্তবোৰ অমান্য কৰে পুনৰ গ্ৰেপ্তাৰ কৰা হব বুলিও চৰ্ত বান্ধি দিয়ে ।

Your Comments