কৰণ কুমাৰ ভূঞাক আম্বেদকাৰ বঁটা প্ৰদান

 A

নিউজ ডেস্ক:


ভাৰতৰ অন্যতম প্ৰতিষ্ঠিত সংগঠন আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ তৰফৰ পৰা নলবাৰী জিলাৰ বৰভাগৰ ক্ষুদ্ৰ কুলহাটীৰ সন্তান তথা যুৱনেতা কৰণ কুমাৰ ভূঞালৈ আগবঢ়োৱা হৈছে ড° বাবাচাহেব আম্বেদকাৰ ন’বেল বঁটা৷উল্লেখ্য যে, চলিত বৰ্ষৰ যোৱা ১৩ এপ্ৰিলত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে মুম্বাইৰ জুহুৰ হোটেল চি প্ৰিন্সেচৰ প্ৰেক্ষাগৃহত দেশৰ সকলো ৰাজ্যৰ পৰা শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত পৰিষদৰ প্ৰতিষ্ঠাপক ড° চানী শ্বাহে বঁটাসমূহ প্ৰদান কৰে৷২০২২-২৩ বৰ্ষটো কৰণ কুমাৰ ভূঞালৈ বাল গংগাধৰ তিলক ইণ্ডিয়ান বুকছ অৱ ৰেকৰ্ডছৰ তৰফৰ পৰাও আগবঢ়োৱা হৈছিল হিউমেনিটেৰিয়ান সন্মান৷

Your Comments

Related Articles