গুৱাহাটী বৰচলা বিলৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী

A

নিউজ ডেস্ক:

মহানগৰীৰ বৰচলা বিলৰ পাৰত বৃহত্তৰ ছাত্ৰীবাড়ী উন্নয়ন সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী।বৰচলা বিলক বেদখল মুক্ত কৰাৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।
ইয়াৰ উপৰিও আদ্ৰভূমিৰ সংৰক্ষণ, পাহাৰ খনন বন্ধ কৰাৰ লগতে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰা, বিলৰ মাটিৰ পৰা বেদখল উচ্ছেদ কৰাকে ধৰি বহুকেইটা দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদত বৃহত্তৰ ছাত্ৰীবাৰী উন্নয়ন সমিতিৰ সভাপতি হেমেন লহকৰে কয়-সংৰক্ষিত জলাশয় বৰচলা আৰু সৰুচলা বিলৰ অৱস্থা সম্প্ৰতি সংকটৰ গৰাহত।বিলদুখন ২০০১ চনত সংৰক্ষিত জলাশয় ৰূপে ঘোষণা কৰিছিল কিন্তু আজিকোপতি সংৰক্ষণৰ বিশেষ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল।গুৱাহাটী মহানগৰীৰ ভিতৰৰ ৪খন আদ্ৰভূমি , ৪খন নদী বেদখল বন্ধ কৰিব লাগে আৰু মহানগৰীৰ ২০খন পাহাৰৰ খনন কাৰ্য বন্ধ কৰিবলৈ দাবী জনায়। উক্ত স্থানসমূহত হৈ থকা বেদখল বন্ধ কৰিবলৈ বিভিন্ন সময়ত জিলা প্ৰশাসন , জি এম চি , জি এম ডি এক অৱগত কৰি অহা হৈছে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।প্ৰাকৃতিক নলাসমূহ সম্পূৰ্ণ  ৰূপে বন্ধ হৈ যোৱাৰ ফলতে এজাক বৰষুণত মহানগৰীত এতিয়া সৃষ্টি হয় কৃত্ৰিম বানপানী।

Your Comments