ব্ৰহ্মপুত্ৰৰ ৰজাদুৱাৰ ঘাটত দুই কিশোৰ সন্ধানহীন

A

নিউজ ডেস্ক:
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন।ৰজাদুৱাৰ ঘাটত ব্ৰহ্মপুত্ৰত সন্ধানহীন দুই কিশোৰ।মঙলবাৰে ১২ বছৰীয়া ছাইদুল ইছলাম কিশোৰ জন সন্ধানহীন হোৱা ঘটনা মাৰ নাযাওঁতেই আজি পুনৰ সন্ধানহীন হৈছে আন এটা কিশোৰ। প্ৰাপ্ত খবৰ মতে ছাইদুলৰ সন্ধানত পুৱাৰে পৰা এছ ডি আৰ এফ আৰু এন ডি আৰ এফে অভিযান চলাই থকা সময়তে ৰজাদুৱাৰ ঘাটত আন এজন কিশোৰ সন্ধানহীন হোৱা খবৰ আহি পৰিছে।ভৰা ব্ৰহ্মপুত্ৰত সাঁতুৰি থকা অৱস্থাতে হঠাৎ ডুবি সন্ধানহীন হয় কিশোৰজন।তাৎপৰ্যপূৰ্ণ কথা এই যে,মঙলবাৰে গধূলি ৭বাজি ১১ মিনিটত ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈছিল চাইদুল।

Your Comments