নৱবৰ্ষত পথ দুৰ্ঘটনা ৰুধিবলৈ কামৰূপ(ম) নিৰীক্ষণকাৰী দল গঠন

A

নিউজ ডেস্ক:

ইংৰাজী নৱবৰ্ষলৈ মাজত মাথো দুটা দিন।নতুন বছৰৰ আনন্দ উৎসাহ-উদ্দীপনাৰ মাজত যাতে কোনো পৰিয়াললৈ পথ দুৰ্ঘটনাই কাল-অমানিশা আনিব নোৱাৰে তাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপ বাস্তৱত পৰিণত কৰিবলৈ কঠোৰ হৈছে কামৰূপ(ম) জিলা প্ৰশাসন। নৱবৰ্ষ উদযাপনৰ আনন্দৰ সময়ত জিলাখনত পথ দুৰ্ঘটনা যাতে সংঘটিত নহয়, সেই উদ্দেশ্য আগত ৰাখি বুধবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আৱকাৰী বিভাগ, জিলা পৰিবহণ বিভাগৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা। জিলা অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈ, বিপুল কুমাৰ দাস, ডঃ ধ্ৰুৱজ্যোতি হাজৰিকাৰ উপৰিও আটাইকেইটা ৰাজহ চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত উপস্থিত থাকে সভাখনত।

গুৰুত্বপূৰ্ণ কথা এই যে  সভাখনত অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে অহা ৩১ডিচেম্বৰ আৰু ১জানুৱাৰীত প্ৰশাসনৰ প্ৰায় সকলো বিষয়াক জিলাৰ নিৰীক্ষণত নিয়োজিত হবলৈ নির্দেশ দিয়ে।উল্লেখ্য যে ইতিমধ্যে মদ্যপান কৰি কোনো চালকে যাতে গাড়ী চলাব নোৱাৰে, তাৰ পৰীক্ষা তীব্ৰতৰ কৰাৰ বাবে বহুকেইটা ‘ইনহেলাৰ এনালাইজাৰ’ জিলাত সংযোজন কৰাৰ লগতে একোজন অতিৰিক্ত উপায়ুক্তৰ নেতৃত্বত জিলাখনৰ বিভিন্ন ঠাইত চলা নৱবৰ্ষ অনুষ্ঠান তথা বাৰ-হোটেলসমূহত নিৰীক্ষণ কৰিব পৰাকৈ উপায়ুক্ত পল্লৱ গোপাল ঝাঁই নিৰীক্ষণকাৰী দল গঠন কৰি দিছে।নিৰীক্ষণকাৰী দলসমূহে বিভিন্ন ঠাই তদাৰকৰ দায়িত্বত থাকিব।বনভোজ দলৰ বাহনৰ চালকৰ উপৰিও জিলা খনত চলাচল কৰা অলা, উবেৰ চালককো নিৰীক্ষণ কৰা হ'ব।নিৰীক্ষণত যাতে কোনো সুৰুঙা ৰৈ নাযায় তাৰ বাবে বিষয়া সকলক নিজ নিজ দায়িত্ব কঠোৰ ভাৱে পালনৰ আহ্বান জনায় ডঃ হাজৰিকাই।

Your Comments