ঘগ্ৰাপাৰত অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্ম দিৱস উপলক্ষে "সু_শাসন_দিৱস"ৰ লগত সংগতি ৰাখি --"ৰক্তদান শিৱিৰ" অনুষ্ঠান

A

নিউজ ডেস্ক:

 সমগ্ৰ দেশতে আজি ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতৰত্ন, তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ৯৭ সংখ্যক  জন্ম দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালভাৱে-- নলবাৰী জিলাৰ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ‍্যোগত নলবাৰী স্বাস্থ্য বিভাগৰ সহায়োগত ঘগ্ৰাপাৰস্থিত বনভাগ বহুমুখী সমবায় সমিতিৰ কাৰ্যালয়ৰ বাকৰিত এটি "ৰক্তদান_শিৱিৰ" অনুষ্ঠিত কৰা হয়। আজি পুৱা শিবিৰটোত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে--বড়িগোগ বনভাগ মণ্ডল সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই। শিবিৰটো মুকলি কৰি বৰুৱাই ভাষণত ভাৰত ৰত্ন তথা প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্মৃতি আলোকপাত কৰাৰ লগতে তেওঁৰ আদৰ্শৰে দলীয় কাৰ্যকৰ্তাক অনুপ্ৰাণিত হবলৈ আহ্বান জনায় ।অনুষ্ঠানত নলবাৰী জিলা মহিলা মৰ্চাৰ সভানেত্ৰী মাধৱী ৰাজবংশী,নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বিজয় বৰ্মণ, মনোজ ডেকা,সম্পাদক শ‍্যামন্ত শৰ্মা,বুবুল দাস, ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মাকে  ধৰি ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৰ স্বাস্থ্য বিষয়া ডাঃ এম বিনয় সিংহাকে ধৰি ভালে সংখ্যক বিশিষ্ট ব‍্য্য্যক্তিয়ে অংশগ্ৰহণ কৰে।

উক্ত শিৱিৰত প্ৰথমে ৰক্তদান কৰে মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই।ইয়াৰ পিছতে মণ্ডলটো বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক দলীয় কাৰ্যকৰ্তাই শিৱিৰটোত ৰক্তদান কৰে।ৰক্তদান শিৱিৰটো পৰিচালনা কৰে নলবাৰী জিলা স্বাস্থ্য বিভাগৰ ডাঃ খৰ্গেশ্বৰ হালৈ,এ. এন. এম অনিমা ৰয়,লেৱৰটৰীয়ান হিতেশ কলিতা,নয়ন তালুকদাৰকে ধৰি কেইবাগৰাকী কৰ্মচাৰীয়ে।অনুষ্ঠিনটি সামগ্ৰিকভাৱে আঁত ধৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বিজয় বৰ্মণে।

Your Comments