গুৱাহাটী মহানগৰীৰ ছাত্ৰ মনিষ বৰাই ঘৰতে গঢ়িছে ক্ষুদ্ৰ পক্ষী উদ্যান

A

নিউজ ডেস্ক:

যান্ত্ৰিকতাৰ পৃথিৱীত প্ৰকৃতি প্ৰেমৰ অন্যতম নিদৰ্শন দাঙি ধৰিছে গুৱাহাটী মহানগৰীৰ এগৰাকী উদীয়মান যুৱকে।জীৱ-জন্তু, পক্ষীকুললৈ থকা মৰমৰ বাবে যুৱকজনে নিজা প্ৰচেষ্টাত গঢ়ি তুলিছে এখন ক্ষুদ্ৰ পক্ষী উদ্যান।গুৱাহাটীৰ ছয়মাইলস্থিত যুৱকজন মনিষ বৰা।ছয়মাইলৰ শিৱ মন্দিৰ পথৰ বাসিন্দা বৰাই নিজৰ ঘৰৰ ছাদৰ ওপৰতে গঢ়ি তুলিছে ক্ষুদ্ৰ  পক্ষী উদ্যানখন।

খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ  বৰা।নিজা প্ৰচেষ্টাত আৰম্ভ কৰা পক্ষী উদ্যানখনে ব্যাপক চৰ্চাৰ লাভ কৰাৰ সমান্তৰালকৈ বহুতৰে  দৃষ্টিও আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

পক্ষী উদ্যানখনৰ সৃষ্টি সন্দৰ্ভত ছাত্ৰ বৰাই কয়- "সৰুৰে পৰা জীৱ জন্তু চৰাই-চিৰিকটিৰ প্ৰতি থকা প্ৰেমেই পক্ষী উদ্যানখন গঢ়ি তোলাৰ প্ৰধান কাৰক।জীৱ-জন্তু পোহ-পাল দিয়াৰ প্ৰতি সৰুৰে পৰা আগ্ৰহী আছিলো ।প্ৰথম অৱস্থাত ২০১৮ চনৰ পৰাই বিজ্ঞানসন্মত ভাৱে পাৰ চৰাই ফাৰ্ম খন আৰম্ভ কৰিছো।"বৰ্তমান প্ৰায় ১৮-২০ বিধ পাৰ চৰাই ফাৰ্মত থকা বুলি তেওঁ জানিব দিয়ে।

উল্লেখ্য যে ,পাৰচৰাইৰ
পূৰ্বে কো'ৱেল চৰাইআৰু চীনা হাঁহ পুহিছিল। 

ইফালে বৰ্তমান ছাত্ৰ গৰাকী ক্ষুদ্ৰ পক্ষী উদ্যানখনত চিৰাজি, বিউটী হোমাৰ, ৰান্ট আদিকে ধৰি প্ৰায় ২০টাকৈ প্ৰজাতিৰ পাৰ চৰাই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আনিছে।

গুৰুত্বপূৰ্ণ কথা এই যে ৰাজ্যৰলগতে উত্তৰ পূৱৰ বিভিন্নজনে ফাৰ্ম কৰাৰ বাবে মনিষৰ পৰা পাৰ চৰাই ক্ৰয় কৰাৰ বুলিও কয়।

'ফাৰ্ম খণ্ডটো লাভজনক ব্যৱসায়।উদ্যানখনৰ পৰা আত্মনিৰ্ভৰশীল হৈছোঁ।২৫০ টকাৰ পৰা ১০ হাজাৰ টকা পৰ্যন্ত প্ৰতিযোৰ পাৰ চৰাই বিক্ৰী কৰো'- ছাত্ৰ জনে কয়।


কেৱল যে পাৰ চৰাইয়ে ছাত্ৰজনৰ উদ্যানত আছে তেনে নহয় থলুৱা  আলংকাৰিক মাছ প্ৰায় ১০ বিধ সংৰক্ষণ কৰাৰ লগতে  ৰুছিয়ান ডোৱাৰ্ফ কেম্বেল হেমষ্টাৰো পালন কৰিছে।

ভৱিষ্যত দিনত ৰাজ্যৰ পশুখণ্ডত  কাম কৰা ইচ্ছা প্ৰকাশ কৰে ছাত্ৰ জনে।

ৰাজ্যৰ পশু খণ্ডটো আৰ্থিক ভাৱে উন্নতি কৰাৰ লগতে পশুবোৰক সুস্থ ৰখাৰ বাবে বহুতো পৰিকল্পনা থকাৰ কথা ব্যক্ত কৰি চৰকাৰক অনুৰোধ জনাই কয়- পশু খণ্ডত  পশু বিষয়াৰ নিযুক্তি দিব লাগে। ৰাজ্যত পশু বিষয়াৰ যথেষ্ট অভাৱ ।ৰাজ্যখনত  প্ৰায় ৪হাজাৰ পশু বিষয়াৰ প্ৰয়োজন কিন্তু বৰ্তমান ১০০৩ গৰাকীহে পশু বিষয়াৰ নিয়োজিত হৈ আছে।

Your Comments