উত্তৰ-পূৱ সীমান্ত ৰেলৱেত নতুনকৈ সংযোজন দুখনকৈ ভিষ্টাডম ৰেল

A

B

নিউজ ডেস্ক:
উত্তৰ-পূৱ সীমান্ত ৰেলৱেত পুনৰ নতুনকৈ সংযোজন হ'ল দুখনকৈ ভিষ্টাডম ৰেল।
দেওবাৰে পুৱা পল্টনবজাৰ ৰেলেৱ ষ্টেচনত কেন্দ্ৰীয় ৰাজ্যিক ৰেল

মন্ত্ৰী দৰ্শনা জাৰ্দোচাৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে দুখন নতুন ভিষ্টাডম ৰে’ল ।

উল্লেখ্য যে ,হাফলঙৰ পৰা বদৰপুৰলৈ ভিষ্টাডম ৰেল সেৱা সম্প্ৰসাৰণৰ লগতে গুৱাহাটী- নাহৰলগুন জনশতাব্দী এক্সপ্ৰেছ আৰু নাহৰলগুন-নিউ তিনিচুকীয়া ভিষ্টাডম এক্সপ্ৰেছৰ শুভাৰম্ভণি কৰা হয় । ভিষ্টাডম সেৱা মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘‘এই সেৱাই অসমৰ লগতে উত্তৰ-পূৱৰ পৰ্যটন ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাব । পৰ্যটন ক্ষেত্ৰ উপকৃত হ’ব । ইতিপূৰ্বে হাফলঙলৈ যোৱা ভিষ্টাডম সেৱাই পৰ্যটকক আকৰ্ষিত কৰিছে । হাফলঙত এতিয়া হোটেলৰ ৰুম পাবলৈ নাই । সকলো বুক । অসমত দ্বৈত ৰেল সেৱাৰ কাম বহুদূৰ আগুৱাই গৈছে’’ ।

Your Comments