চিনে এক্টৰছ ফেক্টৰীৰ উদ্যোগত আগন্তুক শীতকালীন পাঠ্যক্ৰমৰ পঞ্জীয়ন

A

নিউজ ডেস্ক:

এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে অসমৰ চলচ্চিত্ৰ অভিনয়ত একমাত্ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান চিনে এক্টৰছ ফেক্টৰীৰ উদ্যোগত আৰু ৰূদ্ৰাক্ষীৰ সহযোগত চলিত মাহত সপ্তম গোটৰ বাবে ৩০ দিনীয়া চলচ্চিত্ৰ মাধ্যমৰ অভিনয় কৰ্মশালাৰ আয়োজন কৰা হৈছে । প্ৰফেচনেল প্ৰশিক্ষকৰ দ্বাৰা পৰিচালিত এই পাঠ্যক্ৰমত কেমেৰাৰ সন্মুখত কৰা অভিনয়ৰ পদ্ধতি শিকোৱা হ'ব ।
উল্লেখ্য যে ,অহা ২৫ডিচেম্বৰৰ পৰা জ্যোতিচিত্ৰবন ফ্লিম ষ্টুডিঅ' আৰু ৰাজগড়স্হিত ৰূদ্ৰাক্ষী কাৰ্যালয়ৰ সভাকক্ষত এই প্ৰশিক্ষণ পাঠ্যক্ৰম আৰম্ভ হ'ব।গুৰুত্বপূৰ্ণ কথা যে ,৩০ দিনীয়া প্ৰশিক্ষণৰ সময়ছোৱাত FTI ,NSD ,MPSD ৰ লগতে অসমীয়া চলচ্চিত্ৰ জগতৰ বিভিন্ন প্ৰফেছনেল ক্ষেত্ৰৰ পৰা অহা অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। 
এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰশিক্ষাৰ্থী সকলৰ বাবে 8638391754 আৰু 7002158149 নম্বৰত আগতীয়াকৈ যোগাযোগ কৰিবলৈ কৰ্তৃপক্ষই আহ্বান জনাইছে । এই প্ৰশিক্ষণৰ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে ।

Your Comments