দুৰ্ঘটনাত ভৰি হেৰুওৱা কটনৰ ছাত্ৰক কৃত্ৰিম ভৰি সংৰোপন ড° সমুজ্জ্বল ভট্টাচাৰ্য্যৰ

A

নিউজ ডেস্ক:

'মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে/অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা'- বিশ্ববৰেণ্য ড° ভূপেন হাজৰিকাদেৱৰ এই কথাকেই সৰোগত কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰত্যক্ষ প্ৰচেষ্টাত বৃহস্পতিবাৰে এক আশাৰ খবৰৰ সাক্ষী হ'ল ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়।সৰুতেই দুৰ্ঘটনাত এখন ভৰি হেৰুৱাই এক কষ্টসাধ্য জীৱনৰ পথত খোজ দিয়া সঞ্জয় বড়ো নামৰ কটন বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰগৰাকীৰ বাবে এখন কৃত্ৰিম ভৰি সংৰোপনৰ ব্যৱস্থা সফলভাৱে সম্পন্ন হয়।সেই উপলক্ষে কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত আয়োজিত হয় 'আকাশ চুবলৈ মন' শীৰ্ষক এক মননশীল অনুষ্ঠান।বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° দিগন্ত কুমাৰ দাসে উদ্বোধনী ভাষণ আগবঢ়োৱা অনুষ্ঠানটোৰ আৰম্ভণিতে এক তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়।তথ্য চিত্ৰখনৰ জৰিয়তে মেধাৱী ছাত্ৰ সঞ্জয় বড়োৱে জীৱনৰ কঠিনতা স্বত্বেও আগবাঢ়ি যোৱাৰ মানসিক দৃঢ়তাক প্ৰদৰ্শন কৰাৰ লগতে ছাত্ৰ গৰাকীৰ বাবে এখন কৃত্ৰিম ভৰি সংৰোপনৰ সমগ্ৰ পৰিক্ৰমা দাঙি ধৰা হয়।ইয়াৰ পাছতেই অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলক আদৰণি জনোৱা হয়।অনুষ্ঠানটিৰ মধ্যমণি মেধাৱী কটনিয়ান সঞ্জয় বড়োক এক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে উদ্যোক্তাসকলে।অনুষ্ঠানত উপস্থিত থাকি সঞ্জয় বড়োৰ ভাতৃ অজয় বড়োয়ে আছু মুখ্য উপদেষ্টা ড° ভট্টাচাৰ্যৰ লগতে কটনৰ আছু গোটৰ প্ৰচেষ্টাক শলাগ লয়।নিজৰ মত প্ৰকাশ কৰি সঞ্জয়ে নিজৰ জীৱনৰ জটিলতা আৰু কটন বিশ্ববিদ্যালয়ত লাভ কৰা বন্ধুত্ব আৰু সহযোগিতাৰ অনন্য অভিজ্ঞতা ব্যক্ত কৰে।

ভাষণৰ প্ৰসংগত ড° ভট্টাচাৰ্যই কয় - 'সঞ্জয় বড়োৰ বাবে কটনিয়ানসকলে যি পদক্ষেপ গ্ৰহণ কৰিলে সেইয়া সঁ‌চাকৈ প্ৰশংসনীয়।কটনৰ চৌহদৰ পৰাই আজি এই কথা আমি সমগ্ৰ অসমক ক'ব খোজো কোনো ছাত্ৰ -ছাত্ৰী অসুবিধাত পৰি বিষাদগ্ৰস্ত হ'ব নালাগে।ভৱিষ্যত দিনত নিজৰ সতীৰ্থসকলক সহায় কৰিবলৈ অসমৰ প্ৰত্যেকখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ ওলাই আহিব। কটনিয়ানৰ মানৱতাৰ আন্দোলন সমগ্ৰ অসমতে বিয়পি পৰক তেওঁ লগতে কয়।

উল্লেখ্য যে, প্ৰায় ১২ বছৰ পূৰ্বে ঠেলা লৈ কামলৈ ওলাই যাওতে এটা দুৰ্ঘটনাত পতিত হৈছিল বিজনীৰ কণমানি সঞ্জয় বড়ো। দুৰ্ঘটনাত সঞ্জয়ৰ ভৰি এখন ভাগি গৈছিল।কিন্তু সৰুতেই পিতৃহাৰা হোৱা সঞ্জয়ক আৰ্থিক ভাৱে পিছ পৰা পৰিয়ালটোৱে গুৱাহাটীলৈ আনি চিকিৎসা কৰাবলৈ সক্ষম  নাছিল।যাৰ বাবে স্থানীয় কবি ৰাজৰ জৰিয়তেই বড়োৰ চিকিৎসা কৰোৱা হৈছিল।ফলত ভগা ভৰি খনৰ সংক্ৰমণ হৈ পৰৱৰ্তীসময়ত ভৰিখন হেৰুৱাব লগীয়া হৈছিল মেধাৱী ছাত্ৰজনে।ইয়াৰ পাছতো হাৰ নমনা ছাত্ৰজনে চলাই গৈছিল জীৱনৰ কঠোৰ সংগ্ৰাম।কঠিনতাৰ মাজেৰেই সঞ্জয়ে বিজনী কলেজৰ পৰা দৰ্শন বিভাগত স্নাতক আৰু কটনৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

উল্লেখ্য যে কটন বিশ্ববিদ্যালয়ত সঞ্জয়ে নামভৰ্তি কৰাৰ পাছতেই তেওঁৰ সতীৰ্থ কটনিয়ান আৰু ৰজনীকান্ত বৰদলৈ ছাত্ৰাৱাসৰ আৱাসীসকলে তেওঁৰ বাবে এখন কৃত্ৰিম ভৰি সংৰোপনৰ ব্যৱস্থা কৰাৰ সপোন দেখিছিল।কটনৰ আছু গোটৰ উদ্যোগত উত্তৰ পূৱ ছাত্ৰ সংগঠনৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰচেষ্টাত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থা, প্ৰাক্তন ছাত্ৰ নেতা হৃষীকেশ বৰঠাকুৰকে আদি কৰি বিভিন্ন জনৰ সহযোগিতাত এইয়া সম্ভৱ হৈ উঠে।চলিত বৰ্ষত প্ৰায় তিনি লাখ আশী হাজাৰ টকা ব্যয় সাপেক্ষে সঞ্জয় বড়োক এখন উন্নত প্ৰযুক্তি সম্পন্ন কৃত্ৰিম ভৰি সংৰোপনৰ ব্যৱস্থা কৰা হয়। যাৰ সহায়ত ভৱিষ্যত দিনত বড়োৱে অধিক সক্ৰিয়তাৰে কাম কৰি যোৱাত সফল হ'ব। 

'আকাশ চুব মন' অনুষ্ঠানত নেছ'ৰ উপদেষ্টা তথা আছুৰ মুখ্য উপদেষ্টা ড° ভট্টাচাৰ্য, কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° দিগন্ত কুমাৰ দাসৰ উপৰিও বিশিষ্ট সাংবাদিক গৌতম শৰ্মা, কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড° সঞ্জয় কুমাৰ দত্ত, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যান সঞ্চালক ড° প্ৰশান্ত শৰ্মা, অধ্যাপিকা ড° ফুনু দাস, কটন কলেজ এলামনাই এছ'চিয়েনৰ সাধাৰণ সম্পাদক জগদীশ দত্ত, সদৌ গুৱাহাটী ছাত্ৰ সন্থা সভাপতি আনোৱাৰ হুচেইন, সাধাৰণ সম্পাদক নয়নজ্যোতি দাস, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাইফুদ্দিন আহমেদ,  প্ৰাক্তন ছাত্ৰ নেতা তথা যুৱ উদ্যোমী হৃষীকেশ বৰঠাকুৰ, কটন বিশ্ববিদ্যালয় আছু গোটৰ উপদেষ্টা জ্ঞানেন্দ্ৰ কলিতা, দ্বীপজ্যোতি দাস, জিন্টু ঠাকুৰীয়াকে আদি কৰি বিশ্ববিদ্যালয় অধ্যাপক- অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু আছু কৰ্মীসকল উপস্থিত থাকে।

Your Comments