কামৰূপ(ম) জিলাত ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ নিকটাত্মীয়লৈ এককালীন সাহায্য

A

নিউজ ডেস্ক:

বিশ্বত্ৰাস ক'ৰনা মহামাৰীত জীৱন হেৰুওৱা ব্যক্তিৰ নিকটাত্মীয়লৈ এককালীন সাহায্য প্ৰদানৰ বাবে কামৰূপ(ম) জিলাত প্ৰ-পত্ৰ বিতৰণ।ক'ভিডত মৃত্যু হোৱা ব্যক্তিৰ নিকটাত্মীয়লৈ এচ ডি আৰ এফৰ অধীনত  ৫০হাজাৰ টকাৰ এক কালীন সাহায্য প্ৰদান কৰা হব।এই কথা  সংবাদ মাধ্যমক অৱগত কৰিছে কামৰূপ(ম)জিলা উপায়ুক্ত কাৰ্যালয়ে।উল্লেখ্য যে ,জিলা উপায়ুক্ত কাৰ্যালয়ে অৱগত কৰা মতে- উক্ত সাহায্যৰ  বাবে হিতাধিকাৰী অৰ্থাৎ ক'ভিডত আত্মীয়ক হেৰুওৱা পৰিয়ালে  জিলা উপায়ুক্ত কাৰ্যালয় বা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব।ইফালে আবেদন পত্ৰ পূৰণ কৰি সংশ্লিষ্ট কাৰ্যালয়তে আবেদন পত্ৰসমূহ পুনৰ জমা দিব লাগিব বুলিও কয়।

উল্লেখ্য যে জিলা ভিত্তিত প্ৰদান কৰা হ'ব এই এককালীন সাহায্য।

Your Comments