কটন বিশ্ববিদ্যালয়ত ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন

A

নিউজ ডেস্ক:


কটন বিশ্ববিদ্যালয়ৰ চৌহদত সমাজব্যাধি ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক বাটৰ নাট।কটন বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাবাসৰ উদ্যোগত প্ৰদৰ্শন কৰা হয় নাট।বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত প্ৰদৰ্শন কৰা হয় নাট।মঙলবাৰে কটনৰ প্ৰশাসনিক ভৱনৰ সন্মুখত ড্ৰাগছে কিদৰে নৱ প্ৰজন্মক ধ্বংস কৰিছে।ইয়াৰ পৰা সমাজখন কিদৰে ক্ষতি হৈছে তাৰে  প্ৰতিচ্ছবি নাটখনৰ জৰিয়তে দাঙি  ধৰিছে।

'অসমত এটা বেয়া পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ।ড্ৰাগছে একাংশ যুৱ প্ৰজন্মক পংগু কৰিছে।বিভিন্ন  হিংসাত্মক ঘটনাও ড্ৰাগছৰ বাবে সংঘটিত হয়।বিশেষকৈ ধৰ্ষণৰ দৰে ঘটনাসমূহৰ মূল কাৰন ড্ৰাগছ।এই পৰিস্থিতি অসমত সুস্থ কৰি তোলাৰ বাবে ড্ৰাগছ নিৰ্মূল অভিযানস্বৰূপে  সজাগতামূলক এই বাটৰ নাট কৰা হৈছে'- এম এন ডি পি ছাত্ৰাবাসৰ নাট প্ৰদৰ্শনকাৰীসকলে এইদৰে কয়।লগতে কটন বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰাই ড্ৰাগছ নিৰ্মূল অসম গঢ়ি তোলাৰ বাবে অসমবাসীলৈ বিশেষ আহ্বান জনায়।

শিক্ষিত যুৱকসকলে ইয়াৰ বিৰুদ্ধে অধিক সচেতন হওঁক।ড্ৰাগছ বিক্ৰী আৰু সেৱনকাৰীক দেখা মাত্ৰকেই আৰক্ষীক খবৰ দিয়াৰো আহ্বান জনায় বাটৰ নাট প্ৰদৰ্শনকাৰী ছাত্ৰ ছাত্ৰীসকলে।

Your Comments