ৰাজ্যৰ ক’ৰ’না পৰিস্থিতিৰ বিষয়ে জানো আহক

Corona virus

ৰাজ্যত ক’ৰ’না পৰিস্থিতি কিছু সাম কাটিছে যদিও শেষ হৈ যোৱা নাই ইয়াৰ বিভীষিকা ৷ অসমত পুনৰ ক’ৰ’না ভাইৰাছ ধৰা পৰিল ৭৫৮ জন লোকৰ দেহত ৷ ইয়াৰ লগে লগে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৮০৬৫৭জনলৈ বৃদ্ধি পায়।

উল্লেখ্য যে ৭৫৮জন লোকৰ ১৬৩জন কামৰূপ মেট্ৰ’ৰ, ৪৯জন বৰপেটাৰ, ৪৯জন লখিমপুৰৰ আৰু ৪৫জন নলবাৰীৰ বুলি জানিব পৰা গৈছে ৷ ইয়াৰ বিপৰীতে, সোমবাৰৰ দিনটোত ৰাজ্যত আৰোগ্য হৈছে ১০১৪জন লোক আৰু এতিয়াও ক’ৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৭৭০৭জন ৰোগী।

দুঃখবৰ যে, উক্ত দিনটোতে অসমত ক’ৰ’নাত আক্ৰান্ত ১০জন লোকৰ মৃত্যু হয়।
 

Your Comments