স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে দিল্লীলৈ ৰাওনা হ’ল লাভলীনা

Lovlina borgohain

অলিম্পিকত অসমৰপৰা ইতিহাস ৰচা লাভলীনা বৰগোহাঁই ১২আগষ্ট বৃহস্পতিবাৰে অসমত উপস্থিত হৈ আজি পুনৰ ৰাওনা হ’ল দিল্লীলৈ ।

উল্লেখ্য যে, ১৫আগষ্টত দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছে লাভলীনাক। খবৰ অনুসৰি ১৬আগষ্টৰ দিনা প্ৰধানমন্ত্ৰী মোদীৰ সৈতে নৈশ ভোজনত অংশ ল’বলৈ আমন্ত্ৰণ জনোৱা হৈছে অলিম্পিকত অংশ গ্ৰহণ কৰা সকলো ভাৰতীয় খেলুৱৈক।

লাভলীনা ১৭আগষ্টত পুনৰ জন্মভূমি অসমলৈ ঘুৰি আহিব ৷

Your Comments