১৬ গৰাকী যাত্ৰী লৈ ভাঙি পৰিল হেলিকপ্টাৰ, তীব্ৰ চাঞ্চল্য

Helicopter crash

১৬ গৰাকী যাত্রী লৈ ভাঙি পৰিল হেলিকপ্টাৰ। বৃহস্পতিবাৰে ৰাতিপুৱা দুর্ঘটনাটো সংঘটিত হয় ৰাছিয়াৰ পূব দিশৰ কামচাটকা পেনিনছুলা এলেকাত। স্থানীয় সূত্রৰপৰা পোৱা খবৰ অনুসৰি, ৯ জন যাত্ৰীকে জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। এই পর্যন্ত নিখোঁজ হৈ আছে সাত জন। তেওঁলোকৰ সন্ধান উলিয়াবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। 

জানিবলৈ পোৱা গৈছে, বৃহস্পতিবাৰে ৰাতিপুৱা কামচাটকা পেনিনছুলা এলেকাৰ দক্ষিণৰ এটা হ্ৰদৰ কাষত ভাঙি পৰে হেলিকপ্টাৰখন। Vityaz-Aero কোম্পানীৰ সেই হেলিকপ্টাৰখনত আছিল ১৩ জন যাত্রী আৰু ৩ জন ক্রিউ সদস্য। মস্কোৰপৰা ছেন্ট পিটার্ছবার্গ উদ্দেশ্যে পর্যটনৰ বাবে গৈছিল বিমানখন। তেতিয়াই দুর্ঘটনাটো সংঘটিত হয়। 

মস্কোৰপৰা ৬ হাজাৰ কিলোমিটাৰ পূবে আৰু আলাস্কাৰপৰা ২ হাজাৰ কিলোমিটাৰ পশ্চিমে অৱস্থিত কামচাটকা পেনিনছুলা প্রাকৃতিক সৌন্দর্যৰ বাবে পর্যটকসকলৰ মাজত সমাদৃত। এই প্রথম নহয়, আগতেও কামচাটকা পেনিনছুলা এলেকাত বৃহৎ বৃহৎ দুর্ঘটনা সংঘটিত হৈছে। জুলাই মাহতেই ২৮ জন পর্যটকক লৈ সেই ঠাইত ভাঙি পৰিছিল আন্তোনভ An-26 টুইন ইঞ্জিন বিমানখন।   

Your Comments