অসম-মিজোৰাম সীমান্তত পুনৰ সংঘৰ্ষ

Assam-Mizoram border

অসম-মিজোৰাম সীমান্তত অলপ দিনৰ আগতে হোৱা সংঘৰ্ষত ৬জনকৈ আৰক্ষী আৰু এজন অসামৰিক লোক নিহত হৈছিল ৷ পুনৰ এই সীমান্তৰ লাইলাপুৰত উত্তপ্ত পৰিস্থিতি।

খবৰ অনুসৰি স্থানীয় জনতাই শিলা দলিয়াই ভাঙি চূৰমাৰ কৰিলে মিজোৰাম অভিমুখী বহু কেইখন বাহন । পিছত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে ঘটনাস্থলীত কাছাৰ এছপি উপস্থিত হয়। 

উল্লেখ্য যে মন্ত্রী অশোক সিংহাল, পৰিমল শুক্লবৈদ্যৰ বৈঠকৰ মাজতে এই ঘটনা সংঘটিত হয় । দুয়োজন মন্ত্ৰী স্থানীয় ৰাইজৰ সৈতে অৰ্থনৈতিক অৱৰোধ প্রত্যাহাৰৰ বাবে বৈঠকত মিলিত হৈছিল । 

Your Comments