গ্ৰামাঞ্চলত গৃহনিৰ্মাণত কৰ আৰোপ আৰু পঞ্চায়তৰ অনুমতি নালাগে- ৰাজ্য চৰকাৰ

গৃহ নিৰ্মাণ

সামাজিক মাধ্যমত ৰাইজৰ তীক্ষ্ণ সমালোচনাৰ লগতে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিধানসভাত প্ৰতিবাদৰ পিছতে সিদ্ধান্ত সলনি কৰিলে চৰকাৰে।গ্রামাঞ্চলত গৃহ নিৰ্মাণত পঞ্চায়তৰ অনুমতি আৰু কৰ বা মাচুল দিব নালাগে ৰাইজে।

চৰকাৰে গ্ৰামাঞ্চলত গৃহনিৰ্মানত অনুমতি লোৱা বা কৰ পৰিশোধ কৰা সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি বিবৃত্তিৰ জৰিয়তে প্ৰকাশ কৰিছে।

Notice

উল্লেখ্য গ্ৰামাঞ্চলত গৃহনিৰ্মাণত পঞ্চায়তৰ অনুমতি আৰু কৰ আৰোপ কৰাৰ কথা দুদিন পূৰ্বে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰিছিল। মন্ত্ৰী গৰাকীৰ ঘোষণাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল চৰকাৰৰ সিদ্ধান্তত।

ইফালে ৰাজ্যবাসীৰ ব্যাপক প্ৰতিক্ৰিয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে স্পষ্ট কৰিছে এই কথা।

Your Comments