অসম চৰকাৰৰ গৃহ বিভাগৰ আহ্বান মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ

mizoram

অসম চৰকাৰৰ গৃহ বিভাগে মিজোৰামত কৰ্মৰত অসমৰ লোকসকলক সতৰ্ক হোৱাৰ আহ্বান জনাইছে ৷ অসম চৰকাৰৰ গৃহ বিভাগে বৰ্তমান সময়চোৱাত অসমৰ নাগৰিকক মিজোৰাম ভ্ৰমণ নকৰিবলৈ কৈছে।

উল্লেখ্য যে, অসম-মিজোৰাম সীমান্তত সৃষ্টি হোৱা ঘটনাৰ পিছতে ক্ৰমান্বয়ে বৃদ্ধি পাইছে দুয়োখন ৰাজ্যৰ মাজত উত্তেজনা। ফলত অসমৰ নাগৰিকক মিজোৰামত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ৷ সেয়েহে এই নিৰ্দেশনা জাৰি কৰা হৈছে।

জানিবলৈ পোৱা গৈছে, মিজোৰাম চৰকাৰ, মিজোৰাম আৰক্ষী, তাৰ দল- সংগঠনে ধাৰাবাহিকভাৱে অসমৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে ৷

Your Comments