গ্ৰেড-১ৰ চাকৰি পাব অলিম্পিক-কমনৱেল্থ-এছিয়ান গেমছত পদক পোৱা খেলুৱৈসকলে

Players

জনতা ভৱনত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত লোৱা হয় বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ বৈঠকৰ পিছতে সংবাদমেল যোগে সিদ্ধান্ত সমূহ সদৰি কৰে মন্ত্রী পীয়ুষ হাজৰিকাই ৷ 

Pijush Hazarika

উক্ত বৈঠকৰ সিদ্ধান্ত অনুসৰি ১ছেপ্টেম্বৰৰ পৰা ১৫ হাজাৰ আৰক্ষীৰ চাকৰিৰ পদ পূৰণ কৰা হ’ব ৷ ৰাজ্যত নতুনকৈ গঠন কৰা হ’ব ৫টা বেটেলিনয় ৷ ইয়াৰোপৰি অসম আৰক্ষীক শক্তিশালী কৰিবলৈ নতুনকৈ গঠন কৰা হ’ব পুলিচ কমিছন ৷

Cabinet meeting

ৰাজ্যিক কেবিনেট বৈঠকত বহু কেইটা বিভাগক আন বিভাগৰ সৈতে সংযোগ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয় ৷  ইয়াৰ ভিতৰত আছে- প্রিণ্টিং ষ্টেচনাৰী বিভাগক তথ্য আৰু জনসংযোগ বিভাগৰ লগত সংযোজন কৰা হয়, পাছপ’ৰ্ট বিভাগক গৃহ বিভাগৰ লগত সংযোজন কৰা হয় ৷

এই বৈঠকত ৰাষ্ট্রীয় ক্রীড়া আৰু কমনৱেল্থত পদক পোৱা খেলুৱৈ সকললৈ প্ৰতিমাহে ১০,০০০টকাৰ পেঞ্চনৰ ব্যৱস্থা কৰা হ’ব ৷ তাৰ বাবে এতিয়ালৈকে ২৫০ গৰাকী খেলুৱৈৰ তালিকা প্রস্তুত কৰা হৈছে বুলিও জানিবলৈ দিয়ে হাজৰিকাই ৷ তেওঁ লগতে জনাই যে, অলিম্পিক, কমনৱেল্থ, এছিয়ান ক্রীড়াত পদক পোৱা খেলুৱৈক গ্রেড-১ চাকৰি প্ৰদান কৰা হ’ব ৷

Your Comments