নৱম-দশম শ্ৰেণীৰ পৰীক্ষা সম্পৰ্কে কেবিনেটত ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত, সবিশেষ জানো আহক

Exams

নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পৰীক্ষাৰ সন্দৰ্ভত কেবিনেটে বিশেষ আভ্যন্তৰীণ মূল্যায়ন কমিটী গঠনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। জিলা উপায়ুক্ত, বিদ্যালয়ৰ পৰিদৰ্শক, জিলা শিক্ষা পৰিষদৰ সম্পাদক, ব্যক্তিগত বিদ্যালয়ৰ প্ৰতিনিধি আদিৰে গঠন কৰা হ’ব এই কমিটীখন।

নৱম শ্ৰেণীত এটা ইউনিট টেষ্টৰ পিছত অনুষ্ঠিত কৰা হ’ব ছমহীয়া পৰীক্ষা আৰু দ্বিতীয়টো ইউনিট টেষ্টৰ পিছত অনুষ্ঠিত কৰা হ’ব বছৰেকীয়া পৰীক্ষা।

আনহাতে, দশম শ্ৰেণীৰ বাবে থাকিব প্ৰি-ব’ৰ্ড পৰীক্ষা আৰু দশম শ্ৰেণীৰ ইউনিট টেষ্টৰ বাবে জিলা পৰীক্ষা কমিটীয়ে প্ৰস্তুত কৰিব আৰ্হি প্ৰশ্ন কাকত। দশম শ্ৰেণীৰ প্ৰি-ব’ৰ্ড, ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত প্ৰস্তুত কৰিব এখন গোপন কমিটীয়ে।

উল্লেখ্য যে এই পৰীক্ষা সমূহৰ বহীসমূহ বিদ্যালয়তে নিৰীক্ষণ কৰা হ’ব । কিন্তু ছমহীয়া, বছৰেকীয়া আৰু প্ৰি-ব’ৰ্ড পৰীক্ষাৰ বহী মূল্যায়নৰ বাবে পৃথক ব্যৱস্থা কৰা হৈছে ৷

কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি পৰীক্ষাৰ তথ্য আপলোড কৰিব লাগিব নিৰ্দিষ্ট প’ৰ্টেলত।

Your Comments