ভাৰতবৰ্ষৰপৰা টকিঅ’ অলিম্পিকত যোগ দিব দুগৰাকী শক্তিশালী মাতৃয়েও

Super mothers

টকিঅ’ত অলিম্পিকত আন সকল খেলুৱৈৰ সৈতে যোগদান কৰিবলৈ সাজু হৈছে দুগৰাকী শক্তিশালী মাতৃয়েও ৷ আপোনালোকে নিশ্চয় গম পাইছে কাৰ কথা ক’বলৈ লোৱা হৈছে! হয়, এই দুগৰাকী দুঃসাহসী তথা শক্তিশালী মহিলা আন কোনো নহয়, উত্তৰ-পূবৰ মেৰী কম আৰু হাইদৰাবাদৰ ছানিয়া মিৰ্জা ৷

উল্লেখ্য যে, বিশ্বৰ অন্যতম শ্ৰেষ্ঠ মহিলা বক্সাৰ সকলৰ ভিতৰত এগৰাকী হ’ল ভাৰতৰ মেৰী কম ৷ তেওঁ অলিম্পিকত দ্বিতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিব। মেৰী কমে টকিঅ’ অলিম্পিকৰ বক্সিঙত ভাৰতৰ হৈ যোগদান কৰিবলৈ সাজু। তেওঁ চাৰিটা সন্তানৰ মাতৃ। প্ৰথম দুটা যমজ পুত্ৰৰ পিছত ২০১৩ চনত পুনৰ এজন পুত্ৰ সন্তান জন্ম দিয়ে মেৰী কমে। পিছত তেওঁ ২০১৮ চনত এগৰাকী কন্যা সন্তান তুলি লয়।

আন গৰাকী শক্তিশালী মাতৃ ভাৰতৰ কিংবদন্তী টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাও সাজু হৈছে টকিঅ’ অলিম্পিকৰ বাবে। উল্লেখ্য যে, তেওঁ এটা পুত্ৰ সন্তানৰ মাতৃ। যদিও তেওঁ প্ৰায় দুবছৰ ধৰি টেনিছ কোৰ্টৰ পৰা আঁতৰি আছিল কিন্তু পুনৰ ঘুৰি আহিছে খেল জগতলৈ আৰু আহিয়েই যোগদান কৰিবলৈ সাজু হৈছে অলিম্পিকত। 

এই দুগৰাকী মাতৃ বহু মহিলাৰ বাবে প্ৰেৰণাৰ উৎস ৷ 

Your Comments