নিয়ম/জৰিমনা কেৱল সাধাৰণ জনতাৰ বাবেহে নেকি?

HBS at go glory lavlina

এফালে ক’ৰ’নাৰ তাণ্ডৱ ৷ মাস্ক নিপিন্ধাকৈ বাহিৰলৈ ওলোৱা জনসাধাৰণে ভৰিব লগা হৈছে জৰিমনা লাগে তেওঁ অগাধ টকাৰ মালিক হওক বা দুবেলা দুসাঁজ খাবলৈ নোহোৱা নিঃকিন মানুহ হওক ৷ আনফালে অলিম্পিকত যোগদান কৰিবলৈ সুবিধা পোৱা লাভলিনাক উৎসাহ দিবলৈ আয়োজন কৰা চাইকেল ৰেলী অধিকাংশ লোকৰ মুখতে দেখা নগ’ল মাস্ক ৷ এই ক্ষেত্ৰত আগ-ভাগ লোৱা দেখা গ’ল মন্ত্ৰী-মুখ্যমন্ত্ৰীক ৷ এতিয়া প্ৰশ্ন উঠিছে, নিয়ম বা জৰিমনা কেৱল সাধাৰণ জনতাৰ বাবেহে নেকি? 

Go glory lavlina

উল্লেখ্য যে, বৰ্তমানৰ চৰকাৰখনৰ ওপৰত পূৰ্বতেও অভিযোগ উঠিছিল নিৰ্বাচনী প্ৰচাৰৰ বাবে কৰা ৰেলী, বৃহৎ সংখ্যক মানুহেৰে আয়োজন কৰা মিটিং সমূহতো অধিকাংশ লোকেই পৰিধান নকৰিছিল মাস্ক ৷ তেতিয়াও এই কাৰ্যত আগভাগ লোৱা দেখা গৈছিল মন্ত্ৰীসকলকেই ৷ সেই বাবে বহু সচেতন জনতাই ক’ৰ’নাৰ দ্বিতীয় ঢৌৰ বাবে জগৰীয়া কৰিব খোজে এই সকল মন্ত্ৰীক ৷ 

Your Comments