হাজোত তিনি বন্যপ্ৰাণী সৰবৰাহকাৰী আৰক্ষীৰ জালত:দুষ্পাপ্য বনৰৌ উদ্ধাৰ

Pic

#বিশেষ প্ৰতিবেদক,হাজো,৪ জুলাই:

সমগ্ৰ ৰাজ্যজুৰি চলি আছে আৰক্ষী প্ৰশাসনৰ ড্ৰাগছ বিৰোধী অভিযান।তেনে এক সময়তে হাজো আৰক্ষীয়ে চলালে বন্যপ্ৰাণী সৰবৰাহকাৰীৰ বিৰুদ্ধে এক গোপন অভিযান।কালি নিশা হাজো আৰক্ষীয়ে এক অভিযান চলাই হাজোৰ বৰ্ণিৰ পৰা গ্ৰেপ্তাৰ কৰে নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বন্যপ্ৰাণী সৰবৰাহকাৰী ক্ৰমে কচুৱা পথাৰ গাঁৱৰ ৰাইফুদ্দিন আহমেদ(২৯),২নং কাপলাবৰিৰ চমিৰ উদ্দিন(৩২) আৰু ২নং কাপলাবৰি গাঁৱৰ ৰাইফ উদ্দিন(৩৪)ক।ইয়াৰ লগতে তেওঁলোকৰ পৰা উদ্ধাৰ কৰে প্ৰায় ৭ কিলো ওজনৰ দুষ্পাপ্য বন্যপ্ৰাণী বনৰৌ এটা,এটা বেটাৰী আৰু এ এচ ১৪ জে ৪৪২৯ নম্বৰৰ গ্লেমাৰ মটৰ চাইকেল এখন। আৰক্ষীয় সূত্ৰই জনোৱা মতে দুষ্পাপ্য এই বনৰৌটোৰ আনুমানিক মূল্য হ'ব ৫০ লাখ টকা।

Pic

উল্লেখযোগ্য যে হাজো আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা জানিব পাৰিছিল বন্যপ্ৰাণী সৰবৰাহকাৰী দলটোৰ বিষয়ে।উক্ত খবৰৰ ভিত্তিত হাজো আৰক্ষী থানাৰ আৰক্ষী বিষয়া বাবুল মেধিৰ নেতৃত্বত আৰক্ষী-চি আৰপি এফ বাহিনীৰ এটি বৃহৎ দলে অভিযানত নামিছিল দলটোৰ সন্ধানত। নিশা প্ৰায় ১০:৩০ বজাত মুকালমুৱা দিশৰ পৰা হাজো অভিমুখে আহি থকা এ এচ ১৪ জে ৪৪২৯ নম্বৰৰ এখন গ্লেমাৰ মটৰ চাইকেলত তিনিওজন বন্যপ্ৰাণী সৰবৰাহকাৰীক বৰ্ণি চ'কত কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

Your Comments