ঘগ্ৰাপাৰৰ সাহানবিষ্টুপুৰৰ এটি দুখীয়া পৰিয়ালৰ কৰুণ গাঁঁথা

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ  নলবাৰী বিধান সভা সমষ্টিৰ ঘগ্ৰাপাৰৰ সমীপৰ সাহানবিষ্টুপুৰ গাঁঁৱৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাথা। গাঁঁওখনৰ  আয়ুৱ আলী নামৰ ব্যক্তিজনে দিনহাজিৰা কৰি দুটি লৰা-ছোৱালী  আৰু পত্নীৰ সৈতে চাৰি জনীয়া পৰিয়ালটো সুখেৰে পোহপাল দি আহিছিল । কিন্তু আয়ুব আলীৰ  সেই পৰিয়ালটোলৈ  নামি আহিছে  দুখ। আয়ুৱ আলীৰ পত্নী  হাচিনা বেগম 
দীৰ্ঘদিন ধৰি হাওঁঁফাওঁঁ আৰু কিড্নী ৰোগত আক্ৰান্ত  হৈ আছিল যদিও শৰীৰৰ অৱস্থা বেয়া হৈ পৰাত যোৱা  ৫ জুনত ১০৮ মৃত্যুঞ্জয়ৰে জিএমচিএইচলৈ লৈ যোৱা হয় যদিও ক'ভিড পৰিস্থিতিৰ বাবে উন্নত চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়  গুৱাহাটীস্থিত আয়ুৰসুন্দ্ৰা চুপাৰ স্পেচেলিয়েটী হস্পিটেলত ভৰ্তি কৰি চিকিৎসাধীন হৈ আছে। প্ৰথম ২৪ ঘন্টা ৮০ হাজাৰ টকা  আৰু বাকী কেইদিনত দিনে ২৫ হাজাৰ টকাকৈ  চিকিৎসা খৰচ বহন কৰিব লগা হৈছে । দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া স্বামীয়ে 
ঘৰৰ খেতি মাটি বন্ধকত আৰু গৰু আৰু বিভিন্ন সা-সামগ্ৰী বিক্ৰী কৰি কিছু টকা  হাস্পতাল কৃৰ্তৃপক্ষক পৰিশোধ কৰে ।  কিন্তু দুখৰ কথা বৰ্তমান পৰিয়ালটো থকা ঘৰৰ ভেটিটোহে আছে ।  অৰ্ধ লকডাউনৰ ফলত কৰ্মহীন হৈ পৰা  পৰিয়ালটোৰ মুৰব্বী আয়ুৱ আলী যথেষ্টখিনি টকা ক'ৰ পৰা দিব তাকে লৈ চিন্তিত হৈ পৰিছে।শেষত উপায়হীন হৈ সংবাদমাধ্যমৰ সহায় বিচাৰে আৰু লগে লগে ৯ জুনত পৰিয়ালটোৰ ঘৰত সাংবাদিকৰ এটা দল  উপস্থিত হয় । হাচিনা বেগমৰ স্বামী , এইবাৰ মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থী ছোৱালী অনজুমা বেগম,ল'ৰা হাজিজুৰ আলীয়ে   কান্দি  কান্দি  সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় বিধায়ক,চৰকাৰ,বিভিন্ন দল-সংগঠন আৰু  সদাশয় ব্যক্তিৰ ওচৰত  সহায় বিচাৰে।

Pic 

পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থাৰ সহ: সাধাৰণ সম্পাদক শংকৰ কলিতা , বৰাজোল আঞ্চলিক ছাত্র সন্থাৰ  সহ সাধাৰণ সম্পাদক ৰমজান আলী আৰু সংবাদকৰ্মী আলতাফ হুছেইন পৰিয়ালটোৰ ঘৰত উপস্থিত হৈ খা-খবৰ লোৱাৰ লগতে  বিভিন্ন দল সংগঠন  , ব্যক্তিৰ লগত চিকিৎসাৰ সহায় কৰিবলৈ যোগাযোগ কৰে ।

AC ৰ গৰাকীৰ নামঃ জালাল আলী ,এছ বি আই ৩৪০০৩৪৮৫২৭৪  
আই এফ চি কোড এন ০০০১১০৩ ফোন নম্বৰ ৬৯০১০৩১৬০৪ আৰু (গুগল পে নম্বৰ ৭০০২৮৭৯০২ ৫) উক্ত ঠিকনাত সদাসয় ৰাইজক  সামৰ্থ্য অনুসৰি  টকা পঠাবলৈ  কাতৰ আহ্বান জনাইছে  পৰিয়ালটোৱে ।

Your Comments