উন্নয়নে ঢুকি নোপোৱা কলিয়াবৰৰ নিজৰি গাঁৱৰ এটা জৰাজীৰ্ণ পথ:ৰাইজৰ যমৰ যন্ত্ৰণা

Pic

#কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

উন্নয়নে বুলি ক'লে সাধাৰণতে যিখন ছবি মানুহৰ মনলৈ আহে,সেই ছবিৰ এক বিপৰীত দৃশ্য দেখা পোৱা গৈছে কলিয়াবৰৰ নিজৰি গাঁৱত।কলিয়াবৰৰ নিজৰি গাঁৱৰ পৰা হাটবাগান সংযোগী এটা পথটো।পথটো দেখিলে পুখুৰী নে পথ একো ধৰিব নোৱাৰি। এই পথৰে দৈনিক কেইবাশতাধিক পথাচাৰীয়ে যাতায়ত কৰে। ৩ কিঃমিঃ দৈৰ্ঘ্যৰ হাটবৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত এই পথচোৱাই এতিয়া জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক।বাৰিষাতো বাদেই এজাক বৰষুণ দিলেই,এই পথচোৱা বোকাময় হৈ পৰে।

স্থানীয় অঞ্চলবাসীৰ অভিযোগ অনুসৰি বহু বছৰ ধৰি এইচোৱা পথৰ দুৰৱস্থাই অঞ্চলবাসীক যন্ত্ৰণা ভুগাই আহিছে। গাড়ী-বাইক চলাই যোৱাতো দূৰৈৰ কথা,সেই পথৰে খোজকাঢ়ি যাবলৈও  চিন্তা কৰিব লগা হয়।ৰোগী নিবলৈ আহিলে ১০৮ এম্বুলেঞ্চো আধাবাটতে ৰ’ব লগা হয় পথৰ দুৰৱস্থাৰ বাবে।

এনে পৰিস্থিতিত স্থানীয় লোকসকলে আজি পথলৈ ওলাই আহি নিজেই কোড় মাৰি পথটো নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰে। লগতে সংশ্লিষ্ট বিভাগক শীঘ্ৰেই পথটো পকীকৰণ কৰাৰ দাবী তুলে অঞ্চলবাসীয়ে।

Your Comments