মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বকো ব্লক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ছয় লাখ টকাৰ বৰঙণি প্ৰদান

#বকোৰ পৰা বিষ্ণু ৰাম দাস:       

ৰাজ্যৰ ক'ভিড ব্যৱস্থাপনাক শক্তিশালী কৰি তোলাৰ অৰ্থে ৰাজ্যৰ জনসাধাৰণৰ পৰা সাহায্য বিচাৰি চৰকাৰে আহ্বান জনাইছে। অসম চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই কামৰূপ জিলাৰ বকো ব্লক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা প্ৰায় ছয় লাখ টকাৰ বৰঙণি আগবঢ়ায়। উল্লেখ্য যে বকো ব্লক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি প্ৰসন্ন কুমাৰ বড়ো আৰু সাধাৰণ সম্পাদক তথা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰণ খাখলাৰীয়ে জনায় যে  বকো ব্লক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধীনষ্ঠ বিভিন্ন স্থানৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলৰ ভিতৰত ২১৬ গৰাকী শিক্ষকৰ জি পি এফ ফাণ্ডৰ ৩৬৯২৭৫ টকা ; ৯৮ গৰাকী শিক্ষকৰ এন পি এছ ( পি ) ফাণ্ডৰ ১০৪২৬৮ টকা ; ৪৩ গৰাকী শিক্ষকৰ এন পি এছ ( টি ) ফাণ্ডৰ ৫০৩৭৪ টকা আৰু নতুনকৈ নিযুক্তি পোৱা ৭৯ গৰাকী শিক্ষকৰ ৬৯০২১ টকা সংগ্ৰহ কৰি মুঠ ৫৯২৯৩৮ টকা বৰঙণি আগবঢ়োৱা হয়। উক্ত সংগৃহীত ধন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ একাউণ্টৰ জৰিয়তে চৰকাৰৰ পুঁজিলৈ আগবঢ়োৱা হয় বুলি জনায় বকো ব্লক প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়াসকলে।

 

Your Comments