নলবাৰীৰ ৰাজেন্দ্ৰ নাথ বুজৰবৰুৱা স্মৃতি ন‍্যাসৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁঁজিলৈ ত্ৰিশ হাজাৰ টকাৰ চেক প্ৰদান

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৮ জুনঃ

মহামাৰী ক'ৰ'নাৰ সময়ত ক'ভিড আক্ৰান্তৰ চিকিৎসা সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁঁজিলৈ নলবাৰীৰ ৰাজেন্দ্ৰ নাথ বুজৰবৰুৱা স্মৃতি ন‍্যাসে আৰ্থিক সাহায্য প্ৰদান কৰে।কালি নিশা ৰাজেন্দ্ৰ নাথ বুজৰবৰুৱা স্মৃতি ন‍্যাসৰ উপ-সভাপতি বিনোদ শৰ্মা,সদস্য মুনীন্দ্ৰ বুজৰবৰুৱা,পংকজ বুজৰবৰুৱাই ন‍্যাসৰ হৈ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ হাতত চেক যোগে ত্ৰিশ হাজাৰ টকা প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীক ন‍্যাসৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।

Your Comments