বকোত বন বিষয়াৰ অভিযানত অবৈধ শাল কাঠ ভৰ্তি ট্ৰাক আৰু কাঠ ফলা মিল জব্দ

Pic

#বকোৰ পৰা বিষ্ণু ৰাম দাস:

দক্ষিণ কামৰূপৰ বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়াৰ দ্বাৰা চলোৱা ধাৰাবাহিক অভিযানত ৬ জুনৰ নিশা বকোৰ আগছিয়াত অবৈধ শাল কাঠভৰ্তি ট্ৰাক এখন জব্দ কৰে।লগতে,বকো বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত সোণতলীৰ ঘগ্ৰাপাৰত অবৈধভাৱে চলি থকা কাঠ ফলা মিল এটা উক্ত স্থানত গৈ মিলটোৰ সা-সৰঞ্জামবোৰ জব্দ কৰি বকো বনাঞ্চলিক বিষয়া কাৰ্যালয়লৈ লৈ অনা হয়।

জানিব পৰা মতে নিশা চোৰাংকৈ সৰবৰাহ কৰা অবৈধ কাঠ ভৰ্তি ট্ৰাক এ এছ - ২৫ চি - চি ৬৪৫৩ নম্বৰৰ গাড়ীখনত প্ৰায় ৫০ হাজাৰ আৰু অবৈধ মিলটোৰ সা-সৰঞ্জামবোৰৰ মূল্য প্ৰায় এক লাখ টকা হ'ব বুলি জানিবলৈ দিয়ে বিভাগৰ মুৰব্বীজনে। ইফালে বকো শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনত থকা মূল্যবান শাল-চেগুন আদি সংৰক্ষিত গছসমূহ সুৰক্ষিত কৰি ৰাখিবলৈ বন বিষয়াৰ অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে বনাঞ্চলিক বিষয়াজনে।

Your Comments