পূব নলবাৰী ক'চিং চেণ্টাৰৰ খেলুৱৈৰ মাজত খাদ্য সামগ্ৰী বিতৰণ বিশিষ্ট ব্যৱসায়ী ৰঞ্জিত ডেকাৰ

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১ জুনঃ

পূব নলবাৰী ক'চিং চেণ্টাৰৰ খেলুৱৈসকলৰ দুৰ্দশাৰ প্ৰতিচ্ছবি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকাৰ পিছত আজি বিয়লি ৩ বজাত কঞাকুছি গাওঁত ক'চিং চেণ্টাৰটোৰ ৩০ জন দুখীয়া খেলুৱৈৰ মাজত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে ৰঙিয়াৰ বিশিষ্ট ব্যৱসায়ী,ৰঙিয়া ক্ৰীড়া সন্থাৰ নৱনিৰ্বাচিত ভলীবল বিভাগৰ সম্পাদক, অসম ভলীবল সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য, অসম ভলীবল মিছন-১০০ ৰ উদ্যোক্তা ৰঞ্জিত ডেকাই।

Pic

খাদ্য সামগ্ৰীৰ ভিতৰত চাউল, দাইল, মিঠাতেল,আলু,পিয়াঁঁজ, চয়াবিন, চাবোন, বিস্কুট ইত্যাদি অত্যাৱশ্যকীয় বস্তু থাকে। খেলুৱৈসকলৰ এই দুৰ্দিনৰ সময়ত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে ক'চিং চেণ্টাৰৰ সভাপতি,সম্পাদক ক্ৰমে দীপক কুমাৰ দাস আৰু হিতেশ দাসে ৰঞ্জিত ডেকাক ধন্যবাদসহ কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে বিগত বৰ্ষত লকডাউনৰ সময়তো উক্ত অনুষ্ঠানটোৰ অনুৰোধ মৰ্মে বিভিন্নজন হৃদয়ৱান ব্যাক্তিয়ে খেলুৱৈসকলক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছিল।

Your Comments