হাজোৰ ৰামদিয়াত এজাক বৰষুণতে গড়কাপ্তানি পথৰ ওপৰত একাঠু পানী:বিঘ্নিত যাতায়ত      

Pic

#বিশেষ প্ৰতিবেদক,হাজো,১ জুন:

তীৰ্থনগৰী হাজোৰ ৰামদিয়াৰ নামপাৰাত এজাক বৰষুণতেই ডুব গৈছে বৃহত্তৰ ৰামদিয়া অঞ্চলৰ মূল ব্যৱসায়িক কেন্দ্ৰস্থল নামপাৰা বজাৰ চ'কৰ মূল পথ। জানিব পৰা মতে অসম গ্ৰামীণ বিকাশ বেংককে  ধৰি নামপাৰা চ'কৰ চৌপাশে আছে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান।নিকটৱৰ্তী কেইৱাখনো গাঁৱৰ লোক ব্যৱসায়- বানিজ্যৰ বাবে প্ৰতিদিনে অহা-যোৱা কৰে ৰামদিয়াৰ লগতে তীৰ্থনগৰী হাজোলৈ।বছৰ- বছৰ ধৰি এজাক বৰষুণ আহিলেই পানীত ডুব যায় হাজো-বামুন্দী গড়কাপ্তানি পথৰ ৰামদিয়া নামপাৰাৰ  বজাৰ চ'কৰ উক্ত পথচোৱা। যাৰ পৰিপ্ৰেক্ষিতত পথচাৰীৰ লগতে সৰু-বৰ যান বাহনৰ চালকসকলেও যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে।

হাজো গড়কাপ্তানি পথ উপ সংমণ্ডলৰ অধীনস্থ ৰামদিয়া - বামুন্দী পথৰ নামপাৰা বজাৰ চ'কৰ এটা ফালে পানী যোৱাৰ বাবে নলাৰ ব্যৱস্থা কৰিছে যদিও পথচোৱা অধিক চাপৰ হৈ থকাৰ বাবে বৰষুণৰ পানী নলাত নপৰি পথৰ ওপৰতেই জমা হৈ থকা বুলি জানিব পৰা গৈছে।এই ক্ষেত্ৰত নামপাৰা বজাৰ সমিতিৰ লগতে ভুক্তভোগী ৰাইজে বাৰম্বাৰ হাজো গড়কাপ্তানি পথ উপসংমণ্ডলৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰি আহিছে যদিও গড়কাপ্তানি বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ৰাইজে।

আনহাতে, হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই হাজো সমষ্টিৰ অন্তৰ্গত ৰামদিয়াৰ নামপাৰাৰ বজাৰ চ'কৰ এনে দুৰৱস্থা দেখিও বিগত পাঁঁচটা বছৰে বিধায়িকা হৈ থাকিও কি কাৰণত ইয়াৰ একো সুব্যৱস্থা নকৰিলে তাকে লৈ সৰৱ চৰ্চা হৈছে।এই ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি ৰামদিয়াৰ নামপাৰা বজাৰ চ'কত পথৰ ওপৰত জমা হোৱা বৰষুণৰ পানী নিষ্কাশনৰ সুব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী উত্থাপন কৰিছে সাধাৰণ ৰাইজে।

Your Comments