উন্নয়নমূলক আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিস্তৃত আলোচনা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১ জুনঃ

নলবাৰী নগৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ কৃত্ৰিম বানপানীৰ বহুদিনীয়া সমস্যা দূৰীকৰণৰ বাবে সুপৰিকল্পিত নলাৰ ব্যৱস্থা, SVAYEM,অৰুণোদয় আদি আঁচনিৰ লগতে অন্যান্য উন্নয়নমূলক আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত বিস্তৃত আলোচনাৰ বাবে আজি নলবাৰী উপায়ুক্ত কাৰ্যলয়ত নলবাৰী জিলাৰ উপায়ুক্ত গীতিমণি ফুকনৰ উপস্থিতিত জিলা প্ৰশাসনৰ বিভিন্ন উচ্চপদস্থ বিষয়া, নলবাৰী নগৰ উন্নয়ন প্ৰাধিকৰণ, নলবাৰী পৌৰ সভা, লোকনিৰ্মাণ বিভাগ, দুৰ্যোগ প্ৰশমন বিভাগ, জলসম্পদ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়াসকলৰ সৈতে এক বৈঠকত ভাগ লয় নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই।এই বৈঠকত আগন্তক দিনত ল'বলগীয়া কাৰ্যাপন্থা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা  হয়।আজিৰ এই বৈঠকত নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক পবিন্দ্ৰ নাথ, জিলা উন্নয়ন আয়ুক্ত অভিজিৎ সিনহা,  আটাইকেইজন অতিৰিক্ত উপায়ুক্ত, বিজেপি নলবাৰী জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰ,নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদীপ ডেকা, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাকে প্ৰমুখ্য কৰি জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Your Comments