দলুৱাত ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ পূৰৱী কলিতাৰ দুৰৱস্থা:কাণ দিবনে চৰকাৰে?

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৩১ মে':

নলবাৰী  জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দলুৱাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ পূৰৱী কলিতা । ১৯৯৭ চনত জন্ম গ্ৰহন কৰা পূৰৱী কলিতাৰ দেউতাকৰ নাম তাৰিনী কলিতা আৰু মাকৰ নাম ভাৰতী কলিতা। ২০১৩ চনত বিষ্ণুজ্যোতি হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱা পূৰৱীয়ে ২০০৫ চনৰ পৰা পূব নলবাৰী ক'চিং চেণ্টাৰত দীপক কুমাৰ দাসৰ তত্বাবধানত ভলীবলৰ আদিপাঠ গ্ৰহন কৰি পিছলৈ ভলীবল প্ৰশিক্ষক গনেশ শৰ্মাৰ পৰা বিজ্ঞান সন্মত প্ৰশিক্ষণ লাভ কৰি ২০১২ চনৰ ১৯-২১ জানুৱাৰীলৈ ডিব্ৰুগড়ৰ ৰাজগড়ত অনুষ্ঠিত হৈ যোৱা ১২ সংখ্যক আন্তঃ জিলা মিনি ভলীবল প্ৰতিযোগিতাত নলবাৰী জিলা দলক প্ৰতিনিধিত্ব কৰি চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। ২০১৩ চনত ২৮-৩০ ডিচেম্বৰত মৰিগাওঁত অনুষ্ঠিত হৈ যোৱা ২৭ সংখ্যক আন্তঃ জিলা ছাব-জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত বিজেতাৰ সন্মান লাভ কৰে। ২০১৪ বৰ্ষৰ ২০-২২ ডিচেম্বৰত শিৱসাগৰৰ চাফ্ৰাইত অনুষ্ঠিত হৈ যোৱা আন্তঃ জিলা ছাব-জুনিয়ৰত চুড়ান্ত বিজয়ী হোৱাৰ গৌৰৱ অৰ্জন কৰে। ২০১৫ চনত ২০-২২ ডিচেম্বৰত তিনিচুকীয়া জিলাৰ ফিলবাৰীত অনুষ্ঠিত হৈ যোৱা আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত জিলা দলটোৱে বিজেতাৰ সন্নান লাভ কৰে। ২০১৬ চনত ২৮-৩০ জানুৱাৰীত ডিব্ৰুগড়ৰৰ মৰাণত অনুষ্ঠিত হৈ যোৱা আন্তঃ জিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত বিজেতা আৰু ২০১৭ চনত ২১-২৩ ডিচেম্বৰত বৰপেটাত অনুষ্ঠিত হৈ যোৱা আন্তঃ জিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত বিজেতাৰ সন্মান লাভ কৰে। ইয়াৰ পিছত তেওঁ আন্তঃ জিলা চিনিয়ৰ ভলীবল প্ৰতিযোগিতাত অংশ গ্ৰহন কৰি দুবাৰ বিজেতাৰ সন্মান লাভ কৰে। ইয়াৰ সুবাদতে পূৰৱীয়ে ২০১৮ চনৰ ১৯-২৫ ডিচেম্বৰত পঞ্জাৱত অনুষ্ঠিত হৈ যোৱা জুনিয়ৰ নেচনেল আৰু ২০১৯ চনৰ ২৫ ডিচেম্বৰৰ পৰা ১ জানুৱাৰীলৈ ভূৱনেশ্বৰত অনুষ্ঠিত হৈ যোৱা চিনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত অসম দলৰ জাৰ্চী পিন্ধাৰ গৌৰৱ অৰ্জন কৰে। ২০১৮ চনত স্নাতক ডিগ্ৰী লাভ কৰা পূৰৱীৰ ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী দেউতাক বৰ্তমান শয্যাশায়ী। দীৰ্ঘদিন ধৰি দেউতাক জটিল ৰোগত আক্ৰান্ত হৈ ঘৰত থকা এপদ এপদকৈ সম্পত্তি বিক্ৰী কৰি চিকিৎসাৰ নামত ঘৰখনৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈ আছে। পূৰৱীয়ে সৰুৰে পৰাই ঘৰৰ দায়িত্ব পালন কৰিবলৈ গাখীৰ বিক্ৰী কৰি কোনোমতে ঘৰখন চলাই আছে। এশ এবুৰি সমস্যাৰ মাজত থাকিও তেওঁ বিচলিত হোৱা নাই। এটি ভাল দিন অহাৰ অপেক্ষাত সদায় আগ্ৰহেৰে বাট চাই আছে। ইয়াৰ মাজতে নিজৰ হেজাৰ দুখ-সমস্যাক কাতি কৰি থৈ পূব নলবাৰী ক'চিং চেণ্টাৰৰ নিয়মীয়া ভলীবল প্ৰশিক্ষণ শিৱিৰত নিজৰ অনুশীলন অব্যাহত ৰখাৰ উপৰিওঁ সৰু সৰু ছোৱালী খেলুৱৈ সমূহক তেওঁ বিনামূলীয়া ভাৱে প্ৰশিক্ষণ দি আছে। এনে এজন প্ৰতিভাসম্পন্ন খেলুৱৈৰ দুৰ্দশাৰ বুজ লবলৈ চৰকাৰলৈ বিনম্ৰতাৰে আহ্বান জনাইছে ক'চিং চেণ্টাৰটোৰ সভাপতি দীপক কুমাৰ দাস, সম্পাদক হিতেশ দাস, কোষাধক্ষ্য ভৱেশ ভড়ালীৰ লগতে ক্ৰীড়া প্ৰেমী ৰাইজে। অসমত এনেধৰণৰ খেলুৱৈ বহুত আছে যিয়ে এসাজ খায় আন এসাজৰ বাবে চিন্তা কৰিবলগীয়া হয়। অথচ এই সকল খেলুৱৈয়ে ৰাজ্যলৈ ক্ৰীড়াৰ জড়িয়তে সুনাম কঢ়িয়াই আনিবলৈ অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে। খেলি থকা সময়ত দৰ্শকৰ পৰা জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বা সম্বৰ্ধনাৰ নামত কেইখন মান গোমোচাৰ বাহিৰে এই সকল প্ৰতিভাৱান খেলুৱৈয়ে চৰকাৰী সাহাৰ্য বা জীৱন-জীৱিকাৰ পথৰ পৰা আজিও বঞ্চিত হৈ আহিছে। খেল এৰি দিয়াৰ পিছত এওঁলোকে জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবলগীয়া হোৱাটো সঁচাকে দুৰ্ভাগ্যজনক। সেয়েহে খেলুৱৈসকলৰ বাবে এক বিশেষ আঁচনি প্ৰস্তুত কৰি খেলুৱৈসকলক সন্মান সহকাৰে জীয়াই থাকিবলৈ ব্যাৱস্থা গ্ৰহন কৰাৰ বাবে ক্ৰীড়া প্ৰেমী ৰাইজে বিভাগীয় সানুনয়ে অনুৰোধ ৰাখিছে।

Your Comments