ক'ৰ'নাত আক্রান্ত হৈ জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাৰ মৃত্যু:এদিন পূৰ্বে মৃত্যু হৈছিল পত্নী নীলাক্ষীৰ

Pic

ক'ৰ'নাত আক্রান্ত হৈ মৃত্যু জ্যেষ্ঠ সাংবাদিক, আসাম ট্ৰিবিউন কাকতৰ দিল্লীৰ ব্যুৰো চীফ কল্যাণ বৰুৱাৰ।চিকিৎসাধীন অৱস্থাত শনিবাৰে পুুুৱা শেষনিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে।দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছিল বৰুৱা।

উল্লেখ যে শুকুৰবাৰে প্ৰয়াত বৰুৱাৰ পত্নী, সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য্যৰ ক'ভিডত আক্রান্ত হৈ মৃত্যু হৈছিল।

ইফালে,বৰুৱাৰ স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত একমাত্ৰ কন্যা ক'ভিড আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে।

Your Comments