বঙাইগাঁৱত নিহত আলফা(স্বা) সদস্য দ্বীপেন সাউদ:ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ সংবাদমেল

Pic

"অসম আৰক্ষীৰ চোৰাংচোৱাৰ বিশেষ তথ্য ভিত্তিত বঙাইগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱতি নিশা আলফা স্বাধীনৰ জ্যেষ্ঠ নেতা লেফটেনেন্ট কৰ্ণেল দ্বীপেন সাউদৰ প্ৰাণ হানি কৰাৰ লগতে ব্যক্তিগত সহযোগী গানমেনক কৰায়ত্ত কৰা হয়"-সংবাদমেল যোগে ঘোষণা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ।

আলফাৰ দলটোৰ পৰা বহুতো তথ্যৰ লগতে এটা গ্ৰেণেড উদ্ধাৰ কৰিছে বুলি উল্লেখ কৰি মহন্তই কয়-"অভিযানকাৰী আৰক্ষীক লক্ষ্য কৰি প্ৰথমে গুলী কৰিছিল আলফা(স্বা)ৰ।সদস্যগৰাকীয়ে।আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰাত আশ্ৰয় লোৱা ঘৰৰ মালিকজন আৰু দেহৰক্ষী আলফা সদস্য পদুম ৰায়ে আত্মসমৰ্পন কৰে।"

আৰক্ষীৰ গুলিত নিহত উগ্ৰপন্থী সদস্যগৰাকী দ্বীপেন সাউদ ওৰফে ৰমেন নাথ ওৰফে জিষ্ণু অসম নামেৰে পৰিচিত আছিল।মৃত উগ্ৰপন্থী সদস্যগৰাকীৰ বয়স ৫২ বছৰ।বৰপেটা সৰভোগত ঘৰ আছিল।আৰক্ষীৰ।তথ্য অনুসৰি আলফা(স্বা)ৰ দৃষ্টি ৰাজখোৱাৰ অধীনত থকা পশ্চিম বাহিনী কামাণ্ডেটত নিয়োগ কৰা হৈছিল মৃত উগ্ৰপন্থীগৰাকীক।মহন্তই কয়-"ৰাষ্ট্ৰবিৰোধী সংগঠনৰ লগ হৈ আলফা দলটোৱে অপহৰণৰ দৰে কিছুমান প্ৰচেষ্টা আৰম্ভ কৰিছিল।"

Your Comments