মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ টাষ্ক ফ'ৰ্চ গঠনৰ দাবী জনাই গুৱাহাটীত 'আছু'ৰ প্ৰতিবাদ

Pic

সমগ্ৰ দেশৰ লগতে অসমত দ্ৰুত হাৰত বৃদ্ধি হৈছে ক'ৰ'না আক্রান্তৰ সংখ্যা।ক'ৰ'না মহামাৰীয়ে ৰাজ্যবাসীক আৰ্থিকভাৱে পংগু কৰি তোলাৰ সময়তে যোগান বিভাগৰ গুৰুত্বহীনতাৰ বাবে অস্বাভাৱিক হাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে ৰাজ্যত।একাংশ আসাধু ব্যৱসায়ীয়ে নিজৰ খেয়াল-খুচি মতে মূল্য নিৰ্ধাৰণ কৰিছে সামগ্ৰীৰ।তাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম যোগান বিভাগ।এই গুৰুতৰ অভিযোগ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ।

ক'ৰ'না আতংকৰ মাজতে প্ৰশাসনে বান্ধি দিয়া ক'ভিড প্ৰটকল মানি গুৱাহাটীৰ জাজ ফিল্ডৰ সন্মুখত মঙলবাৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাৱ্যস্ত কৰে প্ৰতিবাদ।হাতে -হাতে প্লে'কাৰ্ড লৈ আছু কর্মীসকলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী।

প্ৰতিবাদত সদৌ গুৱাহাটী ছাত্ৰ সন্থা সভাপতি আনোৱাৰ হুছেইন উপস্থিত থাকি প্ৰশাসনক মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে টাষ্ক ফ'ৰ্চ গঠন কৰাৰ দাবী জনায়।অন্যথা সংগ্রাম চলি থাকিব বুলি তেওঁ কয়।

Your Comments