আজিৰে পৰা ১মে' পৰ্যন্ত ৰাজ্যত নৈশ সান্ধ্য আইন:কি কি সেৱা চলি থাকিব জানি লওঁক

Pic

ক'ৰ'নাৰ সংক্ৰমণৰ দ্ৰুত বৃদ্ধিত উদ্বিগ্ন ৰাজ্যৰ প্ৰশাসন।আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ সমগ্ৰ ৰাজ্যত নৈশ সান্ধ্য আইন জাৰি।নিশা ৮বজাৰ পৰা পুৱা ৫বজালৈ ১মে' পৰ্যন্ত প্ৰযোজ্য হৈ থাকিব নিৰ্দেশনা।মুখ্য সচিব জিষ্ণু বৰুৱাই জাননীৰ জড়িয়তে ঘোষণা কৰিছে এই কথা।

Pic

নৈশ সান্ধ্য আইনৰ সময়চোৱাত জৰুৰীকালীন সেৱাৰ বাহিৰ অন্য সকলো সেৱা বন্ধ থাকিব।

নৈশ যাত্ৰীৰ ক্ষেত্ৰত অনুমতি।বিমানবন্দৰ, ৰেল ষ্টেচন,আইএছবিটিৰ পৰা যাব লগা যাত্ৰীয়ে টিকট দেখুৱাই কৰিব পাৰিব যাত্ৰা।

Pic

ন্যায়ালয়ৰ সৈতে জড়িত কৰ্মচাৰী-বিষয়াই আই কাৰ্ড পৰিধান কৰি কৰিব পাৰিব যাত্ৰা।

চিকিৎসাসেৱাৰ লগত জড়িতসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নিৰ্দেশ।

সংবাদমাধ্যমৰ লগত প্ৰযোজ্য নহ'ব এই নিৰ্দেশ।আই কাৰ্ড লগত ৰাখি চলাচল কৰিব পাৰিব।

আন্ত:ৰাজ্যিক আৰু আন্তঃৰাজ্যিক যাতায়তৰ ক্ষেত্ৰত জৰুৰীকালীন যাতায়ত সেৱা চলাচল কৰিব।

ইয়াৰ উপৰিও বেংক,ইঞ্চুৰেঞ্চ আৰু এটিএম সেৱা চলি থাকিব।

ক'ভিড ভেকচিন গ্ৰহণ কৰিবলৈ যোৱাসকলৰ বাবে থাকিব অনুমতি।

Your Comments