মৰমৰ ভগ্নী কণ্ঠশিল্পী ভিটালী যোৱাৰ বাটেৰে গুচি গ'ল জ্যেষ্ঠ ভাতৃ পৰাগমণি দাস

Bhitali Das

কণ্ঠশিল্পী ভিটালী দাসৰ জ্যেষ্ঠ ভাতৃৰ বিয়োগ।প্ৰয়াত ভগ্নী তথা কণ্ঠশিল্পী ভিটালীৰ অসুস্থতাৰ খবৰ পাই উচ্চ ৰক্তচাপত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছিল পৰাগমণি দাস।গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যুৰে যুঁজি নিয়তিৰ ওচৰত হাৰ মানি মৰমৰ ভগ্নী ভিটালী যোৱাৰ বাটেৰে অজান দেশলৈ গুচি গ'ল দাস।

উল্লেখ যে ক'ৰ'নাত আক্রান্ত কণ্ঠশিল্পী ভগ্নী প্ৰয়াত ভিটালী দাসক সংকটজনক অৱস্থাত আইচিইউত ভৰ্তি কৰোৱাৰ খবৰ পোৱাৰ পিছতে যোৱা ১৮ এপ্ৰিলত মানসিকভাৱে ভাগি পৰি উচ্চ ৰক্তচাপত আক্রান্ত হৈছিল ভাতৃগৰাকী।প্ৰথম উত্তৰ গুৱাহাটীৰ জিএনআৰচিত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত জিএমচিএইচলৈ অনা হয় দাসক।
জিএমচিএইচৰ কর্তৃপক্ষই দাসৰ পৰিয়ালক সোমবাৰৰ পুৱাই অৱগত কৰে  চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ কথা।

গুৰুত্বপূৰ্ণ যে প্ৰয়াত ভগ্নী ভিটালীৰ সৈতে যথেষ্ট ঘনিষ্ঠ আছিল জ্যেষ্ঠ ভাতৃগৰাকী।তেওঁলোকৰ ভাতৃ- ভগ্নীৰ মাজৰ সম্পৰ্ক শিশুসুলভ আছিল।

ইফালে প্ৰয়াত পৰাগমণি দাসৰ পত্নী আৰু দশম শ্রেণীত অধ্যয়নৰত সন্তান ক'ৰ'নাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে।

Your Comments