আজিৰে পৰা ৩০ এপ্ৰিললৈ ৰাজ্যত ক'ভিড প্ৰতিৰোধৰ নতুন নিৰ্দেশনা,পঢ়ি জানি লওঁক

Pic

ৰাজ্যত ক'ভিডৰ নতুন গাইড লাইন প্ৰকাশ।আজিৰে পৰা ৩০ এপ্ৰিললৈ প্ৰযোজ্য হ'ব নতুন গাইড লাইন।

ক'ভিড প্ৰতিৰোধৰ বাবে সন্ধিয়া ৬ বজাৰ লগে লগে বন্ধ হ'ব সকলো মাৰ্কেট, চুপাৰ মাৰ্কেট, সাপ্তাহিক বজাৰ,মল।

Pic

মুকলি অনুষ্ঠানৰ আয়োজনত জিলা প্ৰশাসনে ক'ভিড পৰিস্থিতি চাই অনুমতি প্ৰদান কৰিব।৫০শতাংশ আসনত উপস্থিতিৰ অনুমতি দিব।মাক্স, সামাজিক দূৰত্ব, চেনিটাইজ বাধ্যতামূলক। 

Pic

বিবাহ, সামাজিক অনুষ্ঠানত ১০০ জনৰ অধিক লোক সমবেত হব নোৱাৰিব।

মৃতকৰ সৎকাৰৰ সময়ত ২০জন লোক কেৱল উপস্থিত থাকিব পাৰিব।

Pic

ধৰ্মীয় স্থানত ঘণ্টাত ২০জন লোক উপস্থিত থাকিব।একেদৰে আইক'নিক স্থানত ৫০জন থাকিব পাৰিব উপস্থিত।

চৰকাৰীৰ-বেচৰকাৰী কৰ্মস্থলীৰ সন্দৰ্ভতো উল্লেখ আছে নতুন নিৰ্দেশনাত।কৰ্মস্থলীত ৫০ শতাংশ কৰ্মচাৰীহে  উপস্থিতি থাকিব পাৰিব।ঘৰৰ পৰা কাম কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ নিৰ্দেশ।জৰুৰীকালীন সেৱা,অত্যাৱশ্যকীয় সামগ্ৰী,আৰক্ষী-প্ৰশাসন,নিৰ্বাচনী কামত নিয়োজিতসকলৰ ওপৰত প্ৰযোজ্য নহ'ব এই নিয়ম।

গৰ্ভৱতী মহিলা আৰু ৫ বছৰৰ তলৰ শিশুৰ মাতৃ কৰ্মচাৰীসকলক ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ।

শিক্ষানুষ্ঠানৰ সন্দৰ্ভতো উল্লেখ আছে এছঅ'পিত।শিক্ষানুষ্ঠানসমূহত অনলাইন-অফলাইন দুয়োটা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়াৰ আহ্বান।

৫০% ছাত্ৰ-ছাত্ৰী উপস্থিত থাকিব এটা দিনত।বিদ্যালয়ৰ পুৱা সভা অনুষ্ঠিত কৰাত বাধা।প্ৰাথমিক বিদ্যালয়ত অনলাইন ব্যৱস্থাত গুৰুত্ব দিয়াৰ আহ্বান।

ইয়াৰ উপৰিও ৰাজহুৱা যাতায়ত ব্যৱস্থা সন্দৰ্ভতো ৰাজ্য চৰকাৰৰ নিৰ্দেশনাত উল্লেখ আছে।

অটৰিক্সা, ৰিক্সা, টেক্সি আদিত চালক আৰু দুজন যাত্ৰীয়ে কৰিব লাগিব সামাজিক দূৰত্ব মানি যাতায়ত। 

চিটিবাছ, আন্ত:জিলা বাছ, আন্তঃৰাজ্যিক বাছসমূহত ৫০ শতাংশ যাত্ৰীৰে কৰিব লাগিব চলাচল।থিয় হৈ কৰিব নোৱাৰিব যাত্ৰা।যাত্ৰাত মাক্স আৰু ক'ভিড প্ৰট'কল যাত্ৰীসকলে মানি চলিব লাগিব।

একেদৰে ৰাজহুৱা স্থানত মাক্স পিন্ধাটো বাধ্যতামূলক।ব্যৱসায়িক প্ৰতিষ্ঠানত এটা সময়ত ৫জন লোক উপস্থিত থাকিব পাৰিব।

চেলুন,পাৰ্লাৰ আদিত কঠোৰভাৱে ক'ভিড প্ৰট'কল মানি চলিব লাগিব ।ফেছ মাক্স, ফেচ ক'ভাৰ, হেণ্ড গ্লভছ পিন্ধাতো বাধ্যতামূলক।

উল্লেখ যে যিসকলে এই নিয়ম ভংগ কৰিব, সেইসকলৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ অনুসৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।মাক্স পৰিধান নকৰা ব্যক্তিয়ে ১০০০টকা জৰিমনা ভৰিব লাগিব।

Your Comments