কোভিড প্ৰতিৰোধৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন নিৰ্দেশনা জাৰি,পঢ়ি জানি লওঁক

Pic

ক'ৰ'না প্ৰতিৰোধৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।এতিয়াৰে পৰা ৫০শতাংশ কৰ্মচাৰীৰ উপস্থিতিত চলিব ন্যায়ালয়ৰ কাম-কাজ।ক'ভিড প্ৰতিৰোধৰ বাবে আদালতৰ ভিতৰত পালন কৰিব লাগিব সামাজিক দূৰত্ব।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহা পঞ্জীয়কে জাৰি কৰিছে এই নিৰ্দেশনা।

Pic

সোমবাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি ভিডি'অ কনফাৰেন্সৰ জড়িয়তে গ্ৰহণ কৰিব শুনানি।বাহিৰ কোনো ব্যক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰিব আদালতৰ ভিতৰত।

Pic

ইফালে,কোভিডৰ বাবে সম্পূৰ্ণ বন্ধ থাকিব আদালতৰ বাৰৰূম,কেণ্টিন।একে নিয়ম প্ৰযোজ্য হব ৰাজ্যৰ নিম্ন আদালতসমূহতো।

উল্লেখ যে মহানগৰীত দ্ৰুত হাৰত বৃদ্ধি হৈছে কোভিড আক্রান্তৰ সংখ্যা।তাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছে এই ব্যৱস্থা।

Your Comments