"তিনিশতাধিক ক'ৰ'না আক্রান্ত থকা জিলাত সকলো বিহু অনুষ্ঠান বাতিল"-ডঃ হিমন্ত বিশ্ব শৰ্মা

HBS

বিহুৰ অনুষ্ঠান আয়োজনত ৰাজ্য চৰকাৰৰ নতুন সিদ্ধান্ত।ক'ৰ'না প্ৰতিৰোধৰ বাবে তিনিশতকৈ অধিক আক্ৰান্ত থকা জিলাসমূহত বিহুৰ অনুষ্ঠান আয়োজন কৰাৰ অনুমতি নিদিবলৈ জিলা প্ৰশাসনক নির্দেশ।এই কথা ঘোষণা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

উল্লেখ যে কামৰূপ(ম) জিলা সকলো বিহু আৰু অন্যান্য অনুষ্ঠান বাতিল কৰা হৈছে।

শেহতীয়া ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ।গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল আৰু ৰহমান হাস্পতালক ক'ভিড চিকিৎসালয় কৰা হ'ব বুলি মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।

গুৰুত্বপূৰ্ণ যে বৰ্তমান কামৰূপ (মহানগৰ) জিলাতে তিনিশতকৈ অধিক আক্রান্ত হৈছে।বৰ্তমান জিলাখনত ৩৬০ গৰাকী আক্রান্ত হৈছে ক'ৰ'নাত।

Your Comments