বৰ্ধিত ক'ৰ'না সংক্ৰমণ:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

Pic

ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ৰ'না আক্রান্তৰ সংখ্যা।ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ক'ৰ'নাৰ বাবে স্থগিত কৰিছে পৰীক্ষা।বিশ্ববিদ্যালয়খনৰ ১৯ আৰু ২০এপ্ৰিলত অনুষ্ঠিত হ'ব লগা স্নাতকোত্তৰ সকলো পৰীক্ষাৰ স্থগিত কৰাৰ কথা জাননী যোগে ঘোষণা কৰিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

উল্লেখ যে বিশ্ববিদ্যালয়খনৰ অধীনৰ সকলো শিক্ষানুষ্ঠানৰ দুদিনৰ পৰীক্ষা স্থগিত কৰা হৈছে।

Pic

ইফালে,পৰৱৰ্তী সময়ত পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হ'ব বুলিও জাননীখনত উল্লেখ কৰিছে।

গুৰুত্বপূৰ্ণ যে দ্ৰুত গতিত ৰাজ্যত বৃদ্ধি পাইছে ক'ৰ'না আক্রান্তৰ ঘটনা ।দ্ৰুত হাৰত ক'ভিড আক্রান্ত ৮ খন জিলাত প্ৰাথমিক বিদ্যালয় ইতিমধ্যে বন্ধ ঘোষণা কৰিছে শিক্ষা বিভাগে ।

Your Comments