*'ৰাইজৰ দল'ৰ আহ্বায়ক মনোজ গগৈসহ ১৭জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ*
ৰাইজৰ দলৰ সভাপতি তথা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীৰে শনিবাৰে 'জেল ভৰো' কাৰ্যসূচী ৰূপায়ণ।গুৱাহাটীৰ গণেশগুৰিৰ গণেশমন্দিৰৰ সমীপত প্ৰতিবাদ কৰিবলৈ অহা কৃষক নেতাগৰাকীৰ সমৰ্থকক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষী।প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নাপাওঁতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰতিবাদকাৰীক।
প্ৰশাসনৰ অনুমতি নোহোৱাকৈ প্ৰতিবাদ কৰাৰ অভিযোগ তুলি আৰক্ষীয়ে বৰ্তমান সময়লৈকে গ্ৰেপ্তাৰ কৰিছে ১৭জনকৈ প্ৰতিবাদকাৰীক।
উল্লেখ যে কাৰাৰুদ্ধ কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবীত প্ৰতিবাদকাৰীসকলে গণেশগুৰিৰ পৰা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যালয়লৈ 'জেল ভৰো' শীৰ্ষক কাৰ্যসূচীৰে সমদল বাহিৰ কৰাৰ কথা আছিল।
উল্লেখ যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাইজৰ দলৰ আহ্বায়ক মনোজ গগৈক।আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ গগৈয়ে কয়-"গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ আহিছিলো।গণতান্ত্ৰিক প্ৰতিবাদক ভৰিৰে মোহাৰি হিটলাৰী শাসনৰ যোগেদি সংঘবদ্ধ হ'বলৈ আমাক সুযোগ নিদিলে।"
কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰো দাবী জনায় প্ৰতিবাদকাৰীসকলে।
গুৰুত্বপূৰ্ণ যে কৃষক নেতাগৰাকীৰ সমৰ্থনত প্ৰতিবাদ কৰিবলৈ নগাঁৱৰ পৰাও একাংশ সমৰ্থক আহিছিল।নগাঁৱৰ পৰা অহা তিনিজনকৈ অখিল গগৈৰ সমৰ্থকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
গগৈৰ সমৰ্থকৰ প্ৰতিবাদ ৰুধিবলৈ সষ্টম হৈ থাকে আৰক্ষী।উপস্থিত থাকে মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়।
- Log in to post comments
- 13 views