হিমা দাসৰ ঘৰত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ জীয়ৰী

Pic

সোমবাৰে পুৱা “ধিং এক্সপ্ৰেছ" হিমা দাসৰ কান্ধুলীমাৰীৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ জীয়ৰী সুহাসিনী শেখাৱট ৷ উল্লেখযোগ্য যে সুহাসিনী শেখাৱট এগৰাকী নদ-নদী বিশেষজ্ঞ হোৱা হেতুকে ব্ৰহ্মপুত্ৰ সন্দৰ্ভত এক অভিযানৰ বাবে সেই ঠাইত তেওঁ উপস্থিত হৈছিল আৰু হিমা দাসৰ পৰিয়ালকো দেখা কৰিছিল ৷ ইমান এখন পিছপৰা গাঁৱৰপৰা গৈও ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি বিশ্ব দৰবাৰত জিলিকি উঠাৰ বাবে উৎফুল্লিত হোৱাৰ লগতে পৰিয়ালক ধন্যবাদো জনায় ৷

নদীৰ সৈতে জীৱন ধাৰণৰ লক্ষ্যৰে গংগাত এটা অভিযান সমাপ্ত কৰি অহাৰ পিছত “ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযান” নামেৰে চিয়াঙৰপৰা বাংলাদেশ সীমান্তলৈ জলপথেৰে এটা যাত্ৰা আৰম্ভ কৰি সোমবাৰে ধিঙত উপস্থিত হৈছিল সুহাসিনী সৈতে গৱেষকৰ এটি দল ৷

এই অভিযানৰ লক্ষ্য প্ৰাচীন সভ্যতাসমূহ যিহেতু নদীৰ পাৰতে সৃষ্টি হৈছিল,সেয়ে পুনৰ নদীকেন্দ্ৰিক সভ্যতা গঢ়িব পাৰি নেকি ৷

Your Comments