উত্তৰ গুৱাহাটী অসংগঠিত শ্ৰমিক সংঘৰ উদ্যোগত মাৰ্গদৰ্শন অনুষ্ঠান সম্পন্ন

Pic

বিশ্বৰ বৃহত্তম শ্ৰমিক সংগঠন ভাৰতীয় মজদুৰ সংঘৰ অন্তৰ্ভুক্ত উত্তৰ গুৱাহাটী অসংগঠিত শ্ৰমিক সংঘৰ উদ্যোগত ১১ জানুৱাৰীত শংকৰদেৱ শিশু নিকেতন,উত্তৰ গুৱাহাটীত এটা মাৰ্গদৰ্শন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।উক্ত অনুষ্ঠানত উপস্থিত অসংগঠিত খণ্ডৰ শ্ৰমিক-কৰ্মচাৰী আৰু সচেতন নাগৰিকসকলক শ্ৰমিকৰ প্ৰাপ্য মৰ্যাদা আৰু অধিকাৰ সন্দৰ্ভত মাৰ্গ দৰ্শন দিয়ে ভাৰতীয় শ্ৰমিক সংঘৰ ৰাষ্ট্ৰীয় সম্পাদক বি সুৰেন্দ্রন আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক সুনীল কিৰৱাইয়ে।ভাষণ প্ৰসংগত বি সুৰেন্দ্রনে ভাৰতীয় মজদুৰ সংঘই দেশৰ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ উন্নয়নৰ বাবে,তেওঁলোকৰ প্ৰাপ্য অধিকাৰ প্ৰদান কৰাৰ বাবে অতি সক্ৰিয়তাৰে কৰ্মৰত হৈ আছে বুলি মন্তব্য কৰে।তেওঁ ভাষণ প্ৰসংগত শ্রমিকসকলৰ মাজত কাৰিকৰীকে ধৰি বিভিন্ন দিশত কৌশল বিকাশত গুৰুত্ব আৰোপ কৰে।অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে।উত্তৰ গুৱাহাটীৰ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ অধিকাৰ সুৰক্ষিত হোৱাৰ ওপৰতো তেওঁ গুৰুত্ব প্ৰদান কৰে। আনহাতে,সুনীল কিৰৱাইয়ে তেওঁৰ ভাষণ প্ৰসংগত ৰাষ্ট্ৰভক্ত শ্ৰমিক সৃষ্টি হোৱাটো মহত্বপূৰ্ণ বুলি মন্তব্য কৰে।১৯৭১ চনৰ বাংলাদেশ যুদ্ধত ভাৰতীয় সেনাই জয়লাভ কৰাৰ ক্ষেত্ৰত ভাৰতীয় মজদুৰ সংঘৰ ভূমিকাৰ কথা তেওঁ উল্লেখ কৰে।শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ভাৰতীয় মজদুৰ সংঘ সদায় সচেষ্ট বুলি তেওঁ কয়।ভাৰতীয় মজদুৰ সংঘৰ কামৰূপ জিলা সমিতিৰ সম্পাদক মুহিতেশ্বৰ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত মাৰ্গদৰ্শন অনুষ্ঠানটোত উত্তৰ গুৱাহাটীৰ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ কৌশল বিকাশ সন্দৰ্ভত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে সংঘৰ কামৰূপ জিলা সমিতিৰ উপ-সভাপতি ৰঞ্জন শৰ্মা আৰু উত্তৰ গুৱাহাটী অসংগঠিত শ্ৰমিক সংঘৰ কাৰ্যবাহী সভাপতি মুকুটেশ্বৰ গোস্বামীয়ে।

Your Comments