অসম জাতীয় পৰিষদত যোগ দিব নগাঁৱৰ স্বৰ্ণ শিল্পী-যুৱ উদ্যোগী উৎপল বনিয়াই

Pic

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

অসম জাতীয় পৰিষদত যোগ দিৱ নগাঁৱৰ স্বৰ্ণ শিল্পী তথা যুৱ উদ্যোগী উৎপল বনিয়াই।সোমবাৰে নগাঁও চহৰৰ হোটেল নগাঁও পইন্টত আয়োজিত এক সংবাদমেলত এই কথা সদৰি কৰে যুৱ উদ্যোগী বনিয়াই।

তেওঁ অহা ১৬ জানুৱাৰীত নগাঁও জিলাৰ কচুৱাত অনুষ্ঠিত হ'ব লগীয়া এখন বিশাল গণ সমাৱেশত অজাপত যোগ দিয়াৰ কথা জানিবলৈ দিয়ে।

অসম মাতৃক সেৱা কৰা তথা নতুন দলটোৰ জড়িয়তে কা' বিৰোধী সংগ্ৰাম শক্তিশালী কৰাৰ লগতে অসমীয়াৰ স্বাভিমান ৰক্ষাৰ বাবে নতুন দলটোত যোগদান কৰাৰ কথা উল্লেখ কৰে বনিয়াই।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক ডিজাইনাৰ উৎপল বনিয়াই অসমীয়া স্বৰ্ণ শিল্পক সমগ্ৰ বিশ্বত চিনাকী কৰোৱাৰ লগতে এই শিল্পৰ যোগেদি বহু অসমীয়া নিৱনুৱা যুৱক-যুৱতীক কৰ্মসংস্থান দি আহিছে।

Your Comments