ক'ভিডৰ বাবে দেশত সৃষ্টি হৈছে ৩৩,০০০ টন নিষ্কাষণযোগ্য আৱৰ্জনা

Pic

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰকাশ কৰা কৰা তথ্য অনুসৰি, ভাৰতত যোৱা ৭ মাহত প্ৰায় ৩৩,০০০ টন ক’ভিড-১৯ ত ব্যৱহৃত বায়’মেডিকেল আৱৰ্জনাৰ সৃষ্টি হৈছে।জানিব পৰা অনুসৰি সমগ্ৰ দেশত ২০২০ চনৰ অক্টোবৰ মাহত প্ৰায় ৫,৫০০ টন ক’ভিড-১৯ ৰোগত ব্যৱহৃত আৱৰ্জনা সৃষ্টিৰে বছৰৰ ভিতৰত সৰ্বোচ্চ ক’ভিড ব্যৱহৃত সামগ্ৰীৰপৰা সৃষ্টি হোৱা আৱৰ্জনা আছিল।

দেশৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰপৰা পোৱা তথ্য অনুসৰি, ২০২০ চনৰ জুনৰ পৰা সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে মুঠ ৩২,৯৯৪ টন ক’ভিড-১৯ৰ লগত জড়িত বায়’মেডিকেল আৱৰ্জনা সৃষ্টি কৰিছিল , যিবিলাক ১৯৮টা সচৰাচৰ CBWTFৰ দ্বাৰা সংগ্ৰহ কৰি নিষ্কাষণ কৰা হৈছিল।

উল্লেখযোগ্য যে এই ক’ভিড-১৯ৰ বায়’মেডিকেল সৃষ্ট আৱৰ্জনাসমূহৰ ভিতৰত আছে PPE kit, মাস্ক, জোতাৰ ক’ভাৰ, গ্ল’ভ, ড্ৰেছিং, প্লাষ্টাৰ কাষ্ট, তেজৰে দূষিত বিচনা, তেজৰ মোনা, বেজী, চিৰিঞ্জ ইত্যাদি ।

Your Comments