নলবাৰী জিলা প্ৰশাসনৰ উদ‍্যোগত পাগলাদিয়াৰ পৰশত ভোগালী শীৰ্ষক অনুষ্ঠানত সাংবাদিকক সম্বৰ্ধনা

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

অসমৰ মুখ্যমন্ত্ৰীৰ হৈ জনসংযোগ বিভাগৰ জৰিয়তে ৰাজ্য চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত নলবাৰী জিলাৰ সাংবাদিকসকলক আগবঢ়োৱা উপহাৰ ৯ জানুৱাৰীত প্ৰদান কৰা হয়।পাগলাদিয়া ৰিজৰ্টত নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা "পাগলাদিয়াৰ পৰশত ভোগালী" শীৰ্ষক অনুষ্ঠানত জিলাখনৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক এই উপহাৰ প্ৰদান কৰে জিলা প্ৰশাসনে। যোৱা ৮ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামী আৰু জনসংযোগৰ সঞ্চালক অনুপম চৌধুৰীৰ নিৰ্দেশনামৰ্মে উপহাৰসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। নতুন বছৰ উপলক্ষ্যে আগবঢ়োৱা এই উপহাৰ আনুষ্ঠানিকভাৱে দিয়াৰ ব্যৱস্থা কৰা হয়। এই উপহাৰৰ ভিতৰত আছে এটি মৰাপাটৰ বেগ,এটা থাৰ্মোফ্লাক্স, এখন নোট বুক আৰু এটা কলম। সাংবাদিক চম্পক বৈশ্য, সাংবাদিক অৰূপ ৰঞ্জন বৰ্মন, শশাংক শৰ্মা, এম মহিবৰ ৰহমান, অৰবিন্দ চক্ৰৱৰ্তী ৰাজকুমাৰ পাণ্ডে, কমলেশ শৰ্মা, মনোজ শৰ্মা, তপন দাস,দ্বিজেন ডেকা,কামিনী কান্ত মিশ্ৰ, সুভাষ দাসকে ধৰি অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত নলবাৰীৰ ৩৪ জন সাংবাদিকক এই উপহাৰ প্ৰদান কৰা হয়।উক্ত অনুষ্ঠানত উপায়ুক্ত পূৰৱী কোঁৱৰে আনুষ্ঠানিকভাৱে প্ৰদান কৰা এই উপহাৰ প্ৰদান কাৰ্যসূচীৰ আঁত ধৰে নলবাৰীৰ জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া বিনু ৰাণী ৰাজবংশীয়ে। অনুষ্ঠানত নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক শৰ্মা, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক শিৱ শংকৰ সাহা,নলবাৰী জিলা সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাঁ, নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক ড° মৃদুল ডেকা, নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ দাস আদিৰ লগতে নলবাৰী জিলা প্ৰশাসনৰ বিষয়া, অন্যান্য বিভাগীয় বিষয়া আৰু ৰাইজ উপস্থিত থাকে। উল্লেখ্য, নাবাৰ্ডৰ ডিডিএম দেৱজ্যোতি বিশ্বাসৰ পৃষ্ঠপোষকতাত জিলাখনৰ আত্মসহায়ক গোটসমূহৰ উৎপাদিত সামগ্ৰীৰ মেলাও উক্ত 'পাগলাদিয়াৰ পৰশত ভোগালী' শীৰ্ষক অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে আত্মসহায়ক গোটৰ মেলাৰ দ্বাৰ উন্মোচন কৰে বিধায়ক অশোক শৰ্মাই।আনহাতে,ৰিজ'ৰ্ট চৌহদত স্থাপন কৰা পুথিভঁৰালটো উপায়ুক্ত পূৰৱী কোঁৱৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

Your Comments